শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ গুলীচালনা । বাদলে স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই থকাৰ সময়তে পুৱা প্ৰায় ৯:৩০ মান বজাত এজন ব্যক্তিয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আততায়ীৰ গুলীত কথমপি ৰক্ষা পৰে নেতাগৰাকী । ঘটনাৰ সময়ত নেতাগৰাকীয়ে হুইলচেয়াৰত বহি থকাৰ বাবে গুলীটো লক্ষ্যচূত হৈ এখন দেৱালত খুন্দা মাৰে । মন্দিৰৰ চৌহদত গুলীৰ শব্দ শুনি ততাতৈয়াকৈ উপস্থিত থকা লোকসকলে বিচাৰ খোচাৰ কৰে ।
অৱশ্যে ঘটনাৰ প্ৰায় কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আততায়ীটো নাৰায়ণ সিং চৌড়া বুলি চিনাক্ত কৰিছে ।
সেই সময়ছোৱাত বাদলে ‘সেৱাদাৰ’ৰ পোছাক পৰিধান কৰি আছিল বুলি জানিব পৰা গৈছে । ইফালে কিছু লোকে গুলীৰ শব্দত আতংকিত হৈ ইফালে সিফালে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।
এই ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । এডিচিপি হৰপাল সিঙে ঘটনা সন্দৰ্ভত কয়, “মন্দিৰৰ ভিতৰত শক্তিশালী নিৰাপত্তা ব্যৱস্থা আছিল । এই ঘটনা সংঘটিত কৰা নাৰায়ণ সিং চৌড়া (আক্ৰমণকাৰী) মঙলবাৰৰ পৰা মন্দিৰৰ চৌহদতেই আছিল । আজিও এই ঘটনাৰ পূৰ্বে, তেওঁ প্ৰথমে গুৰুক সেৱা কৰি লৈছিল ।”
সম্প্ৰতি আৰক্ষীয়ে নাৰায়ণ সিং চৌড়াক জিম্মাত লৈ আৰু সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । অৱশ্যে আক্ৰমণটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে এই ঘটনাৰ লগত খালিস্তানী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।
এই ঘটনাৰ পিছতে এছএডি নেতা দলজিৎ সিং চিমাই কৈছিল কয়, “প্ৰথমে, মই গুৰু নানকক ধন্যবাদ জনাইছো। জাকো ৰাখে ছাইয়া, মাৰ চাকে না কৈ। সেৱকসকলে ইয়াত ‘সেৱা’ আগবঢ়াই আছিল। এছএডিৰ মুৰব্বী সুখবীৰ সিং বাদল গুৰু ৰাম দাস দ্বাৰৰ কাষত ‘চকীদাৰ’ হিচাপে বহি আছিল। তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল… মই গুৰু নানকক ধন্যবাদ জনাইছো যে, তেওঁ তেওঁৰ ‘সেৱক’ক ৰক্ষা কৰিলে।”