প্ৰতিটো পুৱা এটা নতুন দিনৰ আৰম্ভণি । আমাৰ দিনটো কেনেদৰে যাব সেয়া পুৱাটোৰ ওপৰতেই নিৰ্ভৰ কৰে । সমগ্ৰ দিনটো এক্টিভ হৈ কাম কৰিবলৈ পুৱা পানী খোৱাটো অতি প্ৰয়োজনীয়। আনকি আপোনাৰ গোটেই দিনটো শৰীৰ কেনে থাকিব সেয়াও পুৱাৰ খাদ্যৰ ওপৰতেই নিৰ্ভৰ কৰে । যিহেতু ওৰে নিশা আমাৰ পেটটো খালী হৈ থাকে সেয়ে আমি পুৱা কেতিয়াও খালী পেটে থাকিব নালাগে ।
ADVERTISEMENT
পুষ্টিবিদসকলে কয় যে, পুৱা কেতিয়াও খালী পেটে থাকিব নালাগে । লগতে আমি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে । ইয়াৰে কিছুমান খাদ্য খালী পেটত পৰিহাৰ কৰা উচিত কিয়নো সেইবোৰৰ ফলত হজমৰ সমস্যা, পেট ফুলা আদি অসুবিধা হ’ব পাৰে ।
- এচিডিক খাদ্যই পাকস্থলীত জ্বলা-পোৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে । নেমু, আঙুৰ, কিচমিচ বা বেৰীজাতীয় ফল ভিটামিন চি সমৃদ্ধ। সেয়ে খালী পেটত এই ধৰণৰ খাদ্য খালে হজমৰ সমস্যা হয়, এচিডিটিৰ সমস্যা হ’ব পাৰে ।
- বহু লোকৰে খালী পেটতে কফী খোৱাৰ অভ্যাস আছে । কেফেইনজাতীয় পানীয়ই পাকস্থলীৰ এচিড উৎপাদন ক্ষমতা বৃদ্ধি কৰে। পৰৱৰ্তী সময়ত ই আপোনাৰ ডিঙি-বুকুত জ্বলা-পোৰাৰ সমস্যা , অস্বস্তিৰ কাৰণ হৈ পৰিব পাৰে ।
- মচলাযুক্ত খাদ্যই পাকস্থলীত জ্বলা-পোৰা কৰিব পাৰে আৰু এচিড ৰিফ্লাক্স বা বদহজম কৰিব পাৰে ।
- চেনীযুক্ত খাদ্যৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’ব পাৰে ।
- ভজা খাদ্যত অস্বাস্থ্যকৰ চৰ্বী অধিক থাকে । এনে খাদ্য খালী পেটত খালে পাকস্থলীত খাদ্য হজম কৰাত সমস্যাই দেখা দিব পাৰে ।