ৰাজ্য়জুৰি হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । শেহতীয়াকৈ মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে ভিন্ন সংস্থাই বিভিন্ন পদক্ষেপ অব্যাহত ৰখাৰ সময়তে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত ২০ যোৰকৈ চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰে ।
এই চিহ্ন ফলকসমূহে মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলসমূহত সজাগতা আৰু সুৰক্ষা বৃদ্ধিৰ লগতে মানৱ আৰু বন্যহস্তীৰ সহাৱস্থানত উদগনি যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।
হস্তী সংৰক্ষণ নেটৱৰ্ক (ই চি এন)ৰ সদস্য, স্থানীয় লোক আৰু বন বিভাগৰ পৰামৰ্শৰ ভিত্তিত আৰু ক্ষেত্ৰ জৰীপ আৰু অন্যান্য তথ্যৰ আধাৰত চিনাক্ত কৰা হস্তীদণ্ডীৰ নিৰ্দিষ্ট স্থানত এই চিহ্নফলকসমূহ স্থাপন কৰা হৈছে ।
অঞ্চলসমূহৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে সংগতি ৰাখি আৰু বৃহৎ সংখ্যক লোকে বুজিব পৰাকৈ ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত চিহ্ন ফলকসমূহ প্ৰস্তুত কৰা হৈছে । মনদীপ বসুমতাৰী, অভিজিত শইকীয়া, বিকাশ টোছা আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ এটা একনিষ্ঠ দলে স্থানীয় লোকৰ সহায়ত এই চিহ্নফলক স্থাপনৰ কাম সম্পন্ন কৰে ।
এই চিহ্ন ফলকবোৰে স্থানীয় লোক আৰু ভূটানৰ পৰা অহা লোককে ধৰি সকলো ভ্ৰমণকাৰীক সংবেদনশীল অঞ্চলবোৰত সাৱধানতা অৱলম্বন কৰাত সহায় কৰিব । আগতীয়া সতৰ্কীকৰণে বন্যহস্তীৰ সৈতে মানুহৰ হঠাৎ মুখামুখি হোৱাৰ ঘটনা যঠেষ্ট হ্ৰাস কৰে বুলি বৈজ্ঞানিক গৱেষণাত প্ৰমাণ হৈছে ।
মানুহক আগতীয়াকৈ সতৰ্ক কৰাৰ লগতে এই ব্যৱস্থাই স্থানীয় লোকসকলক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু হস্তীদণ্ডীৰ পাৰিপাৰ্শ্চিক গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়াৰো কাম কৰে । চিহ্নফলক স্থাপনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে আৰণ্যকে স্থানীয় লোকসকলক লৈ এলানি সজাগতামূলক আৰু মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰে । এই কাৰ্যসূচীলানিত চিহ্নফলকৰ স্থাপনে কিদৰে বিপদৰ আশংকা হ্ৰাস, জীৱন ৰক্ষা আৰু জীৱিকা সুৰক্ষিত কৰে তাৰ ওপৰত আলোকপাত কৰা হয় ।
চিহ্নফলকৰ স্থাপনে মানৱ-হাতী সংঘাতৰ একমাত্ৰ সমাধান নহয় যদিও এই ব্যৱস্থাই হাতীৰ আৱাসভূমিৰ পুনৰুদ্ধাৰ, বিকল্প জীৱিকা কাৰ্যসূচী আৰু পশুৱে খাদ্য হিচাপে গ্ৰহণ নকৰা শস্যৰ খেতিত উদগনিকে ধৰি মানুহ আৰু হাতীৰ সহাৱস্থানৰ বৃহত্তৰ ৰণকৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰে ।