ৰাজ্য়ৰ মন্ত্ৰীসভাত নতুনকৈ চাৰিগৰাকী মন্ত্ৰীৰ সংযোজন । শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিগৰাকী নৱনিযুক্ত মন্ত্ৰী বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই শপতগ্ৰহণ কৰে ।
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক মন্ত্রী আৰু বিধায়কৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক শপত বাক্য পাঠ কৰায় । এই শপতগ্ৰহণ অনুষ্ঠানত চাৰিওগৰাকী বিধায়কে তিনিটা ভাষাত শপত বাক্য পাঠ কৰে । প্ৰশান্ত ফুকনে অসমীয়াত শপত বাক্য পাঠ কৰে । কৌশিক ৰায়ে হিন্দীত শপত বাক্য পাঠ কৰে । কৃষ্ণেন্দু পালে বাংলাত শপত বাক্য পাঠ কৰে । লগতে ৰূপেশ গোৱালাই অসমীয়াত শপত বাক্য পাঠ কৰে ।
শপত বাক্য় পাঠ কৰাৰ পিছতে সমৰ্থকসকলে, জয় শ্ৰী ৰাম, ভাৰত মাতা কী জয় আৰু মামা জিন্দাবাদ ধ্বনিৰে পেক্ষাগৃহ উত্তাল কৰি তোলে । বুহস্পতিবাৰে মন্ত্রী সঞ্জয় কিষাণে মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ পিচতে মুখ্যমন্ত্রীয়ে চাৰিগৰাকী নতুন মন্ত্রীৰ নাম টুইটযোগে ঘোষণা কৰিছিল । এই চাৰিগৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ পিছতেই এতিয়া অসম মন্ত্ৰীসভাৰ মুঠ সদস্য হয় ১৮ জন ।
শপত বাক্য পাঠ কৰিয়েই সংবাদমাধ্যমৰ আগত নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, “বাছখনত উঠিছোহে, এতিয়া কোনখন আসনত বহিব লাগিব সেয়া মুখ্যমন্ত্ৰীয়ে কব । মুখ্যমন্ত্ৰীয়ে যি আসনত বহিবলৈ দিয়ে, মই সেই আসনতেই বহিম ।”
নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাই কয়, “মুখ্যমন্ত্ৰীৰ সপোন পূৰ কৰিবলৈ এগৰাকী সৈনিক হিচাপে মই মোৰপৰা ১০০ শতাংশই দিবলৈ চেষ্টা কৰিম । মই আন্তৰিকতাৰে মোৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিম । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ উত্তৰণৰ বাবে ইতিমধ্যে বহুতো কাম কৰিছে । অৱশ্যে এতিয়াও বহুতো কাম আছে । অনাগত দিনত মুখ্যমন্ত্ৰীৰ নেত্ত্বত বহুতো কাম হাতত লোৱা হ’ব ।”
কৌশিক ৰায়ে কয় , “মন্ত্রী হিচাপে যি দায়িত্ব দিয়ে তাক ভালদৰে পালন কৰি যাম । বিজেপি চৰকাৰৰ দিনত বৰাকৰ যথেষ্টখিনি উন্নতি হৈছে । দুগৰাকীকে মন্ত্রী দি মুখ্যমন্ত্রীয়ে বৰাকক উপহাৰ দিছে ।”