Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিড়ম্বনাৰ নাম বাংলাদেশ !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
December 9, 2024
in India, Assam, News
Reading Time: 2 mins read
0
বিড়ম্বনাৰ নাম বাংলাদেশ !
1
SHARES
14
VIEWS
ShareShareShareShare

বিড়ম্বনাৰ নাম বাংলাদেশ !

# প্রাঞ্জলসেন ডেকা

বাংলাদেশত হিন্দু প্রমুখ্যে ধর্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা দিনে দিনে গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। যোৱা আগষ্টত প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পতনৰ পাছত হিন্দুৰ ওপৰত আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। ইয়াকে লৈ ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰাৰ লগতে সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাংলাদেশৰ অন্তৱর্তী চৰকাৰক একাধিকবাৰ আহ্বান জনাইছে; কিন্তু পৰিস্থিতি উন্নত হোৱাৰ পৰিৱর্তে অধিক জটিলহে হৈ পৰিছে।

ADVERTISEMENT

শেহতীয়াভাবে চিন্ময় কৃষ্ণ দাস নামৰ ইস্কনৰ প্ৰাক্তন বিষয়ববীয়াজনক গ্ৰেপ্তাৰৰ পাছত দুই দেশৰ মাজত এক ধৰণৰ তিক্ততাৰেই সৃষ্টি হৈছে। এই কথাও স্পষ্ট হৈছে যে ড: মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱর্তী চৰকাৰৰ ভাৰত বিৰোধী মনোভাৱ আৰু বাংলাদেশত হিন্দু বিদ্বেষে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সেই বাবেই আমেৰিকা, ইংলণ্ড আদি দেশেও উদ্বেগ প্রকাশ কৰি হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত আতিশয্য ৰোধৰ আহ্বান জনাইছে।

RelatedPosts

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

২০২৫ চনত বাংলাদেশত অপহৰণৰ অভিযোগে ভাঙিলে ৰেকৰ্ড

অৱশ্যে বাংলাদেশৰ অন্তৱর্তী চৰকাৰে ভাৰতৰ উদ্বেগ অথবা আহ্বানলৈ সঁহাৰি দিয়াৰ পৰিৱৰ্তে ফেপেৰি পাতিহে ধৰিছে। বিশেষকৈ বিদায়ী সপ্তাহটোত দুই দেশৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়। বিগত পষেকটোত অসমকে ধৰি কে’বাখনো ৰাজ্যত চুবুৰীয়া দেশখনত হিন্দুৰ ওপৰত হোৱা আক্রমণ আৰু চিন্ময় কৃষ্ণৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী ৰূপায়িত হয়। এনে কাৰ্যসূচীৰ মাজতে আগৰতলাস্থিত বাংলাদেশৰ উপ-উচ্চায়ুক্তালয়ত একাংশ প্রতিবাদকাৰীয়ে আক্রমণ কৰে। অৱশ্যে ভাৰত চৰকাৰে তাৎক্ষণিকভারে এই ঘটনাক কঠোৰ নিন্দা কৰাৰ লগতে দায়িত্ব পালনত হেমাহিৰ অভিযোগত ত্ৰিপুৰা চৰকাৰে ডিএছপিসহ চাৰিজন আৰক্ষীক নিলম্বিত আৰু সাতজন প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰে।

ঘটনাৰ পাছদিনাই ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তক বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ে চমন কৰে আৰু এই ঘটনাৰ তীব্র প্রতিবাদ জনায়। ভাৰতীয় উচ্চাযুক্ত প্রণয় বার্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে দুয়োখন দেশৰ মাজৰ সম্পর্ক বহুমাত্রিক আৰু কোনো এটা এজেন্ডা বা এটা বিষয়ে ইয়াক দুর্বল নকৰে। তেওঁ লগতে বাংলাদেশৰ স’তে ভাৰত চৰকাৰে প্ৰকৃতাৰ্থত ইতিবাচক, সুস্থিৰ আৰু গঠনমূলক সম্পর্ক স্থাপন কৰিব বিচাৰে বুলি স্পষ্ট কৰি দিয়ে।

দিল্লীৰ এনে ভাষ্যৰ বিপৰীতে বাংলাদেশৰ অন্তৱর্তী চৰকাৰৰ মুৰব্বী ড: ইউনুছৰ পৰা আৰম্ভ কৰি শীৰ্ষস্থানীয় – ব্যক্তিসকলে ভাৰতৰ বিৰুদ্ধে যথেষ্ট কঠোৰ বাক্যবাণ প্ৰয়োগ কৰি অহা পৰিলক্ষিত হৈছে। তেওঁলোকে কৈ আহিছে যে হিন্দু তথা সংখ্যালঘুৰ ওপৰত আতিশয্য চলা বুলি ভাৰতৰ সংবাদ মাধ্যমেহে অপপ্ৰচাৰ চলাই আন্তর্জাতিক মহলত বাংলাদেশৰ সুনামত দাগ লগাবলৈ অপচেষ্টা চলাইছে। বাংলাদেশত সংখ্যালঘু নির্যাতনৰ অভিযোগ উত্থাপন কৰা ভাৰত চৰকাৰে নিজ দেশতে ধর্মীয় সংখ্যালঘুৰ ওপৰত আতিশয্য চলাইছে বুলি চৰকাৰৰ লগতে দেশৰ সংবাদ মাধ্যমে দিল্লীক প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা চলাইছে। আনকি শেহতীয়াভাবে উত্তৰ প্ৰদেশৰ চম্ভলত হোৱা সাম্প্রদায়িক হিংসাৰ প্ৰসংগও তাৰ উদাহৰণ স্বৰূপে দাঙি ধৰিছে।

অন্তৱর্তী চৰকাৰৰ আইন বিভাগৰ উপদেষ্টা আছিফ নজৰুলে এইদৰেও সকীয়াই দিছে যে ভাৰতে এই কথা বুজা উচিত যে এয়া আৰু শেইখ হাছিনাৰ বাংলাদেশ হৈ থকা নাই। হাছিনাই ক্ষমতাত তিষ্ঠি থাকিবলৈকে ভাৰতৰ প্ৰতি তুষ্টিকৰণৰ নীতি অনুসৰণ কৰিছিল, কিন্তু বৰ্তমানৰ বাংলাদেশ সমপৰ্যায়ৰ বন্ধুত্বৰহে পক্ষপাতি। কেৱল চৰকাৰেই নহয়, দেশখনৰ প্রধান বিৰোধী দল বাংলাদেশ নেচনেলিস্ট পার্টি (বিএনপি) কে ধৰি ছাত্ৰ সংগঠনসমূহেও ভাৰত বিৰোধী স্থিতি প্রকাশ কৰি আহিছে। যোৱা সোমবাৰে আগৰতলাৰ উপ-উচ্চায়ুক্তালয়ত আক্ৰমণৰ ঘটনাৰ নিশা ঢাকা বিশ্ববিদ্যালয়ত এই ঘটনাৰ প্ৰতিবাদত বিক্ষোভ প্রদর্শনৰ সময়ত ভাৰতৰ বিৰুদ্ধে তীব্র বিষোদ্গাৰ কৰা হয়।

yunujআনকি যোৱা বুধবাৰে অন্তৱতী চৰকাৰৰ মুৰব্বী ড:ইউনুছ আৰু বাংলাদেশব প্রধান ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হয়, য’ত ভাৰতৰ প্ৰতি অতি আক্ৰমণাত্মক মনোভাৱ প্রদর্শন কৰা হয়। বৈঠকত সাম্প্রতিক দ্বিপাক্ষিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে ভাৰতক। ভাৰতৰ যিকোনো ধৰণৰ অপপ্ৰচাৰ অভিযানৰ বিৰুদ্ধে যথোচিত যুঁজ দিবলৈ বাংলাদেশ সম্পূর্ণৰূপে ঐক্যবদ্ধ বুলিও বৈঠকে ঘোষণা কৰে। দেশৰ সার্বভৌমত্ব, অস্তিত্ব, স্বাধীনতা আৰু গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে সমগ্র বাংলাদেশ প্রতিজ্ঞাবদ্ধ বুলিও বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়।

আধুনিক বিশ্বত দুখন দেশৰ মাজৰ সম্পৰ্কৰ মূল ভেটি হৈছে বাণিজ্য আৰু বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা। তদুপৰি বাংলাদেশৰ স’তে ভাৰতৰ আছে গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পর্কও। কেবল সেয়াই নহয়, বাংলাদেশৰ যি ভৌগোলিক অৱস্থান, তাত ভাৰতৰ স’তে সম্পর্ক আটাইতকৈ বেছি গুৰুত্বপূর্ণ। বাংলাদেশক চাৰিও দিশৰ পৰা ভাৰতে ঘেৰি ধৰি আছে। দুই দেশৰ মাজত ৪,৩৬৭ কিলোমিটাৰ দৈর্ঘ্যৰ সীমান্ত আছে। দেশখনৰ আন্তঃৰাষ্ট্ৰীয় চাৰিসীমাৰ ৯৪ শতাংশই ভাৰতৰ স’তে সংলগ্ন। সেই বাবেই বাংলাদেশক ‘ইন্ডিয়া লক্’ দেশ বুলিও কোৱা হয়। সেয়েহে সুৰক্ষা আক বাণিজ্যৰ ক্ষেত্ৰত বাংলাদেশ ভাৰতৰ ওপৰতে বহুলাংশে নিৰ্ভৰশীল।

ভাৰত আৰু বাংলাদেশৰ মাজত নদীৰ পানীৰ ভাগ-বতৰা, সীমান্তৰ বাণিজ্য, অনুপ্রবেশ তথা শৰণাৰ্থীৰ বিষয়বোৰ জড়িত হৈ আছে। হাছিনাৰ প্রধানমন্ত্ৰিত্বৰ সময়ছোৱাত ভাৰতৰ বাবে এখন বৃহৎ বজাৰত পৰিণত হৈছে বাংলাদেশ। ঘাইকৈ চাউল, ঘেঁহু, পিঁয়াজ, নহৰু, চেনি, কপাহ, পৰিশোষিত ভাৰতৰ ওপৰতে নির্ভৰশীল হৈ আহিছে বাংলাদেশ। পশ্চিমীয়া দেশলৈ বস্তুৰ বপ্তানিয়ে বাংলাদেশৰ অৰ্থনীতিত গুৰুত্বপূর্ণ পেট্রলিয়াম, বৈদ্যুতিক সঁজুলি, প্লাস্টিকৰ লগতে ভূমিকা পালন কৰি আহিছে। দেশৰ জিডিপিত বস্ত্র উদ্যোগৰ অৰিহণা ১১ শতাংশৰো অধিক। তেনেদৰে ভাৰতৰ কপাহ তীখাৰ বাবে সর্ববৃহৎ বজাৰ হৈছে বাংলাদেশ।

ভাৰতৰ পৰা ৰপ্তানিকৃত কপাহৰ ৩৫ শতাংশই যায় বাংলাদেশলৈ। বাংলাদেশৰ এই বস্তু উদ্যোগ ভাৰতৰ পৰা আমদানি কৰা কেঁচামালৰ ওপৰত নিৰ্ভৰশীল। গতিকে দুই দেশৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিলে অবধাৰিতভাবে ভাৰতৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ পৰিব। তাৰ পৰিণতি বাংলাদেশৰ বাবে যথেষ্ট ক্ষতিকাৰক হোৱাৰ আশংকাই অধিক। কিয়নো ভাৰতৰ পৰা প্ৰয়োজনীয় সামগ্ৰীৰ যোগান বাধাগ্রস্ত হ’লে তাৰ প্ৰভাৱ বাংলাদেশৰ জিডিপিৰ ওপৰত পৰিব। লগতে মূল্যবৃদ্ধি আৰু কর্মসংস্থাপনহীনতা বৃদ্ধিৰো পূর্ণ আশংকা আছে।

আনহাতে, এছিয়া মহাদেশত চীনৰ পাছতে বাংলাদেশ হৈছে ভাৰতৰ দ্বিতীয় সর্ববৃহৎ বাণিজ্য সহযোগী। তেনেদৰেই দক্ষিণ এছিয়াত সর্ববৃহৎ সহযোগী। বাংলাদেশে সমগ্র এছিয়াৰ ভিতৰতে ভাৰতলৈকে সর্বাধিক ৰপ্তানি কৰে। যোৱা ২০২২- ২৩ বিত্তীয় বর্ষত বাংলাদেশে ভাৰতলৈ দুই বিলিয়ন ডলাৰৰ সামগ্রী ৰপ্তানি কৰে। সেই বৰ্ষত দুই দেশৰ মাজত মুঠ বাণিজ্যৰ পৰিমাণ আছিল ১৫:৯ বিলিয়ন ডলাৰৰ, অর্থাৎ চুবুৰীয়া দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ আছিল প্রায় ১৪ বিলিয়ন ডলাৰৰ।

লক্ষ্যণীয় যে ক’ভিড মহামাৰীৰ পূৰ্বৰ বাংলাদেশৰ অর্থব্যৱস্থা যথেষ্ট শক্তিশালী আছিল যদিও এই পর্যন্ত সেই পর্যায়লৈ উভতি যাবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে শেইখ হাছিনাৰ পতন ঘটিল। ২০০৯ৰ পৰা হাছিনাৰ কার্যকালত বাংলাদেশৰ অর্থনীতি ৬.৩ শতাংশ হাৰত বৃদ্ধি পায়। জিডিপিৰ পৰিমাণ ১২৩ বিলিয়ন ডলাৰৰ পৰা ৪৫৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। ২০০৯ত যি বাংলাদেশত জনমুৰি জিডিপি ৮৪১ ডলাৰ আছিল, ২০২৪ত সি বৃদ্ধি পাই ২৬৫০ ডলাৰ হয়গৈ। ভাৰতেও বিগত আঠ বছবত বাংলাদেশক কমেও আঠ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ অর্থে।

তাৰ ভিতৰত পথ, ৰে’ল, জলপৰিবহণ আৰু বন্দৰ নির্মাণ আদি চামিল আছে। এনে ক্ষেত্ৰত ভাৰতৰ স’তে সম্পর্কৰ অধিক অৱনতিয়ে বাংলাদেশৰ আৰ্থিক দিশত যে গুৰুতৰ আঘাত হানিব তাত সন্দেহ নাই। এই কথা ঠিক যে তুলনামূলকভাবে কোনো সৰু অথবা দুৰ্বল দেশৰ স’তে সম্পৰ্কৰ অৱনতি ঘটিলে ডাঙৰ দেশৰ ক্ষতি কম হয়। ভাৰত-বাংলাদেশৰ ক্ষেত্ৰতো যে একেই প্ৰভাৱ পৰিব বুলি বুজিবলৈ অসুবিধা নহয়; কিন্তু ভাৰতেও এখন বৃহৎ বজাৰ হেৰুওৱাৰ লগতে বাণিজ্যিকভাবে যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব লাগিব।

ভাৰতে যি দামত বাংলাদেশক সামগ্রী যোগান ধৰে, আন কোনো দেশে সেই দামত যোগান ধৰিব নোৱাৰে। পৰিবহণ ব্যয় কম হোৱা হেতুকে ভাৰতৰ বাবে সেয়া সম্ভৱ হৈছে। একে কাৰণতে যিকোনো সামগ্রী চীন বা পাকিস্তান বা আন কোনো দেশৰ পুৰা আমদানি কৰিবলগীয়া হ’লে নিঃসন্দেহে বাংলাদেশে অধিক মূল্য ভৰিব লাগিব। গতিকে বাংলাদেশৰ বাবে ভাৰতে যি অর্থ বহন কৰে, চীন তাৰ বিকল্প হ’ব নোৱাৰে।

কেৱল বাণিজ্যিক ঘাটিয়েই নহয়, ভাৰতৰ বাবে সবাতোকৈ উদ্বেগৰ বিষয় হৈছে চীনৰ স’তে বাংলাদেশৰ ঘনিষ্ঠতা বৃদ্ধিৰ সম্ভাৱনা। হাছিনা প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ থকা পর্যন্ত তেওঁ ভাৰত আৰু চীনৰ স’তে সম্পর্কত এক সম্ভলন বজাই চলিছিল। হাছিনাৰ ভাৰতৰ প্ৰতি বিশেষ টান আছে বুলি এক বদ্ধমূল ধাৰণা আছে যদিও এই কথা পাহৰিলে নচলিব যে তেওঁৰ প্রধানমন্ত্রিত্বৰ কাৰ্যকালতে চীন বাংলাদেশৰ সবাতোকৈ বৃহৎ প্রতিৰক্ষা সহযোগীত পৰিণত হৈছিল।

কিন্তু সম্প্রতি তেওঁৰ প্ৰস্থানৰ পাছত স্বাভাৱিকতে ভাৰতৰ আশংকা অধিক বৃদ্ধি পাইছে। কেৱল চীনেই নহয়, পাকিস্তানৰ স’তেও সম্প্রতি বাংলাদেশৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। যোৱা মাহত প্ৰথমবাৰলৈ পাকিস্তানৰ এখন মালবাহী জাহাজ কৰাচীৰ পৰা বাংলাদেশৰ চট্টগ্রাম বন্দৰত উপস্থিত হৈছে। ১৯৭১ত বাংলাদেশ গঠনৰ পাছত এই প্ৰথমবাৰলৈ পাকিস্তানৰ স’তে সামুদ্রিক সম্পর্ক স্থাপন হৈছে।

ইয়াৰ পূৰ্বে দুই দেশৰ মাজত সামুদ্রিক বাণিজ্য কলম্বো অথবা ছিংগাপুৰৰ জৰিয়তেহে হৈছিল। দুই দেশব মাজত ঘনিষ্ঠতা গঢ়ি উঠাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূর্ণ পদক্ষেপৰূপে চিহ্নিত হৈছে। লক্ষ্যণীয়ভাবে যোৱা মঙলবাৰে ভাৰতীয় উচ্চায়ুক্তক ঢাকাই ৰঙা চকু দেখুওৱাৰ দিনাই নিশা বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী তথা বিএনপিৰ শীর্ষনেত্রী বেগম খালেদা জিয়াক সাক্ষাৎ কৰে ঢাকাস্থিত পাক উচ্চায়ুক্ত চৈয়দ আহমদ মাৰুফে। বাংলাদেশৰ স’তে পাকিস্তানব সম্পর্ক এক নতুন শিখৰত উপনীত হওক সেই আশা আৰু প্রস্তাৱ লৈয়ে দুই পক্ষৰ মাজত দীঘলীয়া বাৰ্তালাপ চলে। বাংলাদেশৰ ক্ষমতাৰ পৰা শেইখ হাছিনাৰ অপসাৰণক পাকিস্তানৰ বাবে এক সুবর্ণ সুযোগ ৰূপে ব্যৱহাৰ কৰিবলৈ এনে তৎপৰতা আৰম্ভ কৰা হৈছে। অৱশ্যে খালেদা জিয়া যি যি সময়ত ক্ষমতাত আছে, সেইসময়ত পাকিস্তানৰ স’তে সু-সম্পর্কই বজাই ৰাখিছে।

হাছিনাৰ পতনৰ পাছত বিগত চাৰি মাহত পাকিস্তান আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কত পুনৰ উষ্ণতা পৰিলক্ষিত হৈছে। আনহাতে, বাংলাদেশত সর্বাধিক বিদেশী বিনিয়োগ হৈছে চীনৰ। চীনৰ বহুচর্চিত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰো অংশ হৈছে বাংলাদেশ।

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ভাৰতৰ বাবে বাংলাদেশ কেৱল চুবুৰীয়া দেশেই নহয়, বৰঞ্চ কূটনৈতিক সহযোগীও। ভাৰতৰ সীমান্তৰ উন্নত সুাক্ষা নিশ্চিত কৰিবলৈ বাংলাদেশৰ সহযোগ জৰুৰী। সেই বাবেই বহু সময়ত বাস্তব পৰিস্থিতিক আওকাণ কৰিও দিল্লীয়ে বাংলাদেশৰ নেতৃত্বক সন্তুষ্ট কৰি ৰখাত চেষ্টাৰ ত্রুটি নকৰে। নির্বাচনী মুনাফা আদায়ৰ লক্ষ্যৰে বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্রবেশক লৈ ডিঙি ফুলাই লম্প জম্ফ কৰিলেও ভাৰতৰ একাধিক ৰাজ্যৰ জনগাঁথনিলৈ পৰিৱৰ্তন অনা এই গুৰুতৰ বিষয়টোক লৈ ঢাকাৰ স’তে কেতিয়াও আলোচনা কৰা নহ’ল।

২০১৪ৰ পৰা বর্তমানলৈ নৰেন্দ্ৰ মোদীবা কার্যকালছোৱা লক্ষ্য কৰিলেই সেয়া স্পষ্ট হৈ পৰে। প্রধানমন্ত্রীৰূপে প্রথমবাৰ ৰাষ্ট্ৰসংঘৰ অধিবেশনত ভাষণ প্রদান কৰি মোদীয়ে কৈছিল যে ভাৰতৰ ভৱিষ্যৎ প্রতিবেশীৰ স’তে জড়িত হৈ আছে আৰু সেয়ে তেওঁব চৰকাৰে প্ৰথম দিনাৰ পৰাই চুবুৰীয়া দেশৰ স’তে মিত্রতা আৰু সহযোগিতা বৃদ্ধিত অগ্রাধিকাৰ দি আহিছে। প্রধানমন্ত্রী মোদীয়ে সেই ভ্রমণতে নিউয়র্কত বাংলাদেশৰ প্রধানমন্ত্রী শেইখ হাছিনাক প্ৰথমবাৰ সাক্ষাৎ কৰে।

পৰৱৰ্তী ১০ বছৰত মোদী আৰু হাছিনাৰ দ্বিপাক্ষিক সাক্ষাতৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে ভাৰত-বাংলাদেশৰ সম্পৰ্ক আৰু সহযোগিতাও বৃদ্ধি পায়। আনকি যোৱা ২০২৩-২৪ৰ মাত্র এবছৰতে দুয়োৰে মাজত ১০ বাৰ সাক্ষাৎ হয় বুলি প্রধানমন্ত্রী মোদীয়ে নিজেই সদৰী কৰিছে।

কিন্তু হাছিনাৰ পতনৰ পাছত অন্তর্বর্তী চৰকাৰ গঠনৰ লগে লগে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ল’লে। বাংলাদেশৰ পৰিস্থিতিয়ে ভাৰতৰ চোৰাংচোৱা আৰু কূটনৈতিক ব্যর্থতাকে উদঙাই দিছে। হাছিনাই আর্থিক বিকাশক গতি দিয়াৰ লগতে সেনাবাহিনীকে ধৰি সকলো চৰকাৰী সংস্থাৰ ওপৰত নিয়ন্ত্রণ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা হেতুকে দিল্লীয়ে আশংকা কৰিব পৰা নাছিল যে এই ছাত্র বিক্ষোভতে প্রধানমন্ত্রীৰ পতন ঘটিব।

বাংলাদেশৰ সেনাই হাছিনাক দেশত্যাগ কৰিবলৈ কোৱাতহে দিল্লী হতচকিত হৈ পৰে। আনকি তেওঁক আশ্রয় প্রদান কৰিবলৈ আন কোনো দেশেই আগ্রহ প্রকাশ নকৰাত অৱশেষত ভাৰতেই আশ্রয় প্রদান কৰিবলগীয়া হ’ল। ইপিনে, সন্ত্রাসবাদী সংগঠনৰূপে অভিহিত কৰি হাছিনাই নিষিদ্ধ ঘোষণা কৰা চৰম ভাৰত বিৰোধী জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা প্রত্যাহাৰ কৰে অন্তৱর্তী চৰকাৰে।

বিএনপি আৰু জামাত-ই-ইছলামীয়ে পূর্বৰে পৰা ভাৰত বিৰোধী কঠোৰ স্থিতি গ্রহণ কৰি আহিছে। ইছলামিক কঠোৰপন্থীসকলৰ ওপৰত নিজৰ প্ৰভাৱ বৃদ্ধি আৰু ভাৰতবিৰোধী মনোভাৱক ব্যৱহাৰ কৰি নিজৰ ৰাষ্ট্ৰবাদী ভাৱনাক শক্তিশালী কৰাৰ কৌশল ৰূপায়ণ কৰি আহিছে এই দুই দলে। গতিকে ই যে নতুনকৈ ভাৰতৰ বাবে মূৰৰ কামোৰণিব সৃষ্টি কৰিব তাত সন্দেহ নাই।

এনে প্রেক্ষাপটত বাংলাদেশৰ স’তে সম্পর্ক স্বাভাৱিক কৰাৰ উপায় কি হ’ব সেয়াই আজিৰ বহুমূলীয়া প্রশ্ন। ইয়াৰ পূর্বে ক্ষুদ্র দ্বীপ ৰাষ্ট্র মালদ্বীপতো প্রচণ্ড ভাৰতবিৰোধী পৰিবেশৰ সৃষ্টি হৈছিল। আনকি ‘ইন্ডিয়া আউট’ ধ্বনি দিয়েই নির্বাচিত হৈছিল বৰ্তমানৰ ৰাষ্ট্রপতি মহম্মদ মইজু। সম্প্রতি পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে মালদ্বীপৰ স’তে বাংলাদেশৰ তুলনা সমীচীন নহয়। নিজৰ সুৰক্ষা আৰু বাণিজ্যিক স্বার্থ ৰক্ষাৰ বাবেই বাংলাদেশৰ স’তে সম্পর্ক স্বাভাৱিক কৰি ৰখাটো ভাৰতৰ বাবে অপৰিহাৰ্য; অথচ সাম্প্রতিক সময়ত তাৰ বাবে কোনো উপযুক্ত মঞ্চ ভাৰতৰ সমুখত নাই।

কিয়নো ড: ইউনুছ নেতৃত্বাধীন অন্তৱর্তী চৰকাৰৰ কোনো সাংবিধানিক বৈধতা নাই। সাধাৰণ নির্বাচন অনুষ্ঠিত হৈ নতুন চৰকাৰ গঠন নোহোৱা পর্যন্ত দ্বিপাক্ষিক সম্পর্ক পুনৰ স্বাভাবিক কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট প্রত্যাহ্বান আছে। তদুপৰি নির্বাচন অনুষ্ঠিত হ’লেও তাত যে সকলো ৰাজনৈতিক পক্ষৰ দ্বাৰাই ভাৰত অন্যতম আক্ৰমণৰ লক্ষ্য হ’ব সেই কথা বুজিবলৈ অসুবিধা নহয়। বাংলাদেশৰ স’তে এনে এক বিৰূপ ভাবাপন্ন পৰিৱেশত ভাৰতৰ বাবে পাৰস্পৰিক কূটনীতিৰ বিশেষ সুযোগ নাই। তদুপৰি, ড: ইউনুছৰ দৃষ্টিভংগী ভাৰতৰ সপক্ষে থকাৰ কোনো প্রমাণ নাই।

বৰঞ্চ তেওঁ সুযোগৰ সন্ধানত থকা যেনহে লাগে। গতিকে পৰিৱৰ্তিত জটিল ৰাজনৈতিক প্রেক্ষাপটত বাংলাদেশৰ ৰাজনীতিৰ বিভিন্ন পক্ষৰ স’তে আলোচনা কৰিবলৈ চেষ্টা আৰম্ভ কৰিব পাৰে। ইমান দিনে চলি অহা কূটনৈতিক প্রচেষ্টাই যে সুফল নিদিব, সিও স্পষ্ট আৰু তাক অনুধাৱন কৰিয়েই এক সামগ্রিক নতুন প্রচেষ্টাৰ প্রয়োজন হ’ব। এই সোমবাৰে ভাৰতৰ বৈদেশিক সচিবৰ প্ৰস্তাৱিত ঢাকা যাত্ৰা তেনে কোনো প্রচেষ্টাৰেই আৰম্ভণি হ’ব পাৰে বুলি ভবাৰ থল আছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BANGLADESHConflictindiapranjal sen dekaSpl Articlesঅন্তৱর্তী চৰকাৰবাংলাদেশ
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d