NHAI opens Telipara toll gate :পুনৰ জনতাক ৰামটাঙোন !

গোসাঁইগাঁৱত জনৰোষত পৰাৰ ভয়তে পুৱাই গোপনে টোলগেট মুকলি, কাম সম্পূৰ্ণ নৌহওঁতেই তেলিপাৰা টোলগেট মুকলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

toll plaza

জনৰোষত পৰাৰ ভয়ত পুৱাতেই কোকৰাঝাৰ জিলাত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তথা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেলিপাৰাত নৱনির্মিত টোলগেট খন মুকলি কৰি আঁতৰি যায় সংশ্লিষ্ট বিষয়া তথা লেছী বাহিনী। ইয়াকে লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে অঞ্চলবাসীয়ে। টোল কৰৰ নামত চৰকাৰে ছিণ্ডিকেট চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে পুৱা স্থানীয় প্রশাসন, দল-সংগঠন তথা ৰাইজৰ অজ্ঞাতেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইছএআই)ৰ প্ৰকল্প সঞ্চালক কল্যাণ দত্তই লেছী স্কাইলার্ক কোম্পানীৰ মেনেজাৰ বুলবুল বসুমতাৰীসহ কৰ্মচাৰীসকলৰ উপস্থিতিত খৰধৰকৈ টোলগেখন মুকলি কৰি অন্তর্ধান হয়।

পাছত এই ঘটনাৰ বিষয়ে জনাজাত হোৱাত স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ টোল প্লাজাত সমবেত হৈ তীব্র ক্ষোভ প্রকাশ কৰে। সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি একেটা পথত ৬০ কিলোমিটাৰৰ ভিতৰত কিহৰ ভিত্তিত তিনিখন টোলগেট ১০ স্থাপন কৰা হ’ল বুলি স্থানীয় ৰাইজে প্রশ্ন কৰিছে । ইয়াৰ ফলত সা-সামগ্ৰীৰ মূল্য বহুগুণে বৃদ্ধি হ’ব বুলি ৰাইজে ক্ষোভ উজাৰি।

গোসাঁইগাঁৱৰ পৰা ১০ কিলোমিটাৰ নিলগৰ সীমান্তৱৰ্তী পশ্চিমবংগৰ কামাখ্যাগুৰিত এখন, ৪০ কিলোমিটাৰ নিলগৰ কাৰিগাঁৱত এখন টোলগেট থকাৰ পাছতো আজিৰে পৰা গোসাঁইগাঁৱৰ তেলিপাৰাত আন এখন টোলগেট কার্যক্ষম কৰা হয়। স্থানীয় ৰাইজ তথা দল-সংগঠনৰ নেতৃবর্গই কয় যে একেটা পথত ৬০ কিলোমিটাৰৰ ভিতৰত তিনিখন টোলগেট হোৱাত বৃহৎ সমস্যাৰ সৃষ্টি হৈছে।

আক্ৰাছুৰ সাধাৰণ সম্পাদক সোণাৰাম ৰায়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘ইয়াৰ ফলত দ্রব্য মূল্য বৃদ্ধি অধিক হ’ব। ৰাষ্ট্ৰীয় পথৰ বিভিন্ন স্থানত থকা টোলগেট সমূহ বিভিন্ন সা-সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ আন এটা কাৰণ। গোসাঁইগাঁৱত নতুনকৈ মুকলি কৰা টোলগেট খনত নতুন ব্যৱস্থাও নাই। যাত্ৰীৰ বাবে থাকিবলগীয়া সা- সুবিধা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আদি নাই। তদুপৰি জিৰণিৰ ব্যৱস্থাও ইয়াত নাই ।

স্থানীয় দল-সংগঠনক অৱগত নকৰাকৈ গোপনে মুকলি কৰা হৈছে টোলগেট খন।’ ৰায়ে পুনৰ অভিযোগ কৰি কয়, ‘এয়া হৈছে বিজেপি চৰকাৰৰ বৃহৎ ছিণ্ডিকেট। এতিয়া টোল টেক্সৰ নামত চলিছে ছিণ্ডিকেট। চৰকাৰে টোল টেক্স গ্ৰহণ কৰক আমাৰ কোনো আপত্তি নাই; কিন্তু কেন্দ্রীয় গড়কাপ্টানী মন্ত্রী নিতীন গাডকাৰীয়ে কোৱা মতে ৬০ কিলোমিটাৰৰ ভিতৰত এখনহে টোলগেট থাকিব; কিন্তু তেওঁৰ সেই কথা মতে একো হোৱা নাই।

অসমত ৬০ কিলোমিটাৰত নহয় ৪০ কিলোমিটাৰত স্থাপন হৈছে দুখনকৈ টোল গেট। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম সম্পূর্ণ নকৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেট মুকলি কৰিছে বুলি অভিযোগ আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলামৰ। তেওঁ আৰু কয়, ‘এয়া অতি দুখৰ কথা। একেটা পথত তিনিখন টোল প্লাজা স্থাপন কৰি যান-বাহনৰ পৰা অতিৰিক্ত মাচুল আদায় কৰাত স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ মাজত পৰিব। টোল প্লাজা বৃহৎ পুঁজিপতিৰ স্বাৰ্থত নিৰ্মাণ কৰি থকা হৈছে।’ তেওঁ পুনৰ ক্ষোভ ব্যক্ত কৰি কয়, ‘পূৰ্বৰ চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চকী স্থাপন কৰি কোটি কোটি টকা সংগ্ৰহ কৰিছিল, এতিয়া বিজেপি চৰকাৰে টোল প্লাজাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আছে।

আর্থিক অভাৱত ভুগি থকা চৰকাৰখনে ৰাইজৰ পৰা টোল টেক্স লৈ জোৰা মাৰিব বিচাৰিছে। সাধাৰণ জনতাক মাধমাৰ শোধোৱাৰ বাহিৰে একো নহয়। চৰকাৰৰ এনে দুমুখীয়া নীতিক ধিক্কাৰ দিছো।’ তেওঁ পুনৰ কয়, ‘চৰকাৰে ৰাজহ সংগ্ৰহ কৰক তাত বাধা নাই। কিন্তু ৬০ কিলোমিটাৰ দূৰত্বত তিনিখন টোলগেট হ’বলৈ দিয়া নহ’ব। আমি সকীয়াই দিছো। ৬০ কিলোমিটাৰৰ ভিতৰত কেনেকৈ তিনিখন টোল প্লাজা স্থাপন কৰা হ’ল ইয়াৰ উত্তৰ দিব লাগিব কেন্দ্রীয় গড়কাপ্টানী মন্ত্রীয়ে।’ প্রয়োজনত ন্যায়ালয়ৰ কাষ চাপিব বুলি কয় সংগঠন দুটাৰ নেতৃবর্গই। তেলিপাৰা টোল প্লাজা উৎখাতৰ দাবীত অচিৰে বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে।

Exit mobile version