মায়ানগৰী মুম্বাইত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বৈদ্যুতিক বাছে মহতিয়াই নিলে কে’বাজনো লোকক আৰু কে’বা খনো বাহনক কৰে চূৰ্ণাকৃত ৷ শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ছজনকৈ লোক ৷ আহত হয় ৪৯ জন লোক ৷
# ক’ত আৰু কেনেকৈ সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনাটো
মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ মুম্বাইৰ কুৰলা ৱেষ্টৰ এছ বৰ্ভে মাৰ্গৰ অঞ্জুম-আই-ইছলাম নামৰ বিদ্যালয় খনৰ সমীপত সোমবাৰে নিশা অলেক্টা ব্ৰেণ্ডৰ বাতানুকূল বৈদ্যুতিক যাত্ৰীবাহী বাছ এখনে তীব্ৰ গতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত ফালৰ পৰা অহা এখন মটৰ চাইকেল আৰু দুখন অটো ৰিক্সাক প্ৰচণ্ড খুন্দা মাৰে ৷ ইয়াৰে এখন অটোক হেচা মাৰি ধৰি পিছত ইখনৰ পাছত সিখনকৈ বাহন মহতিয়াই যোৱাৰ পিছত এজন ব্যক্তিকো খুন্দা মাৰে ৷ তাৰ পিছতো বাহন খন নিয়ন্ত্ৰণ নহৈ অৱশেষত বৃহন মুম্বাই পৌৰ নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ সমীপৰ ডাঃ আম্বেদকাৰ নগৰ হাউছিং কমপ্লেক্সৰ গেটত খুন্দা মাৰিহে বাছখন থমকি ৰয় ৷
উল্লেখ্য যে , বৈদ্যুতিক বাছখন কুৰলা ষ্টেশ্যনৰ পৰা ওলাই পশ্চিম আন্ধেৰীৰ আগৰকাৰ চ’ক অভিমুখে গৈ থকাৰ পথত কুৰলা ৱেষ্টৰ এছ বৰ্ভে মাৰ্গৰ অঞ্জুম-আই-ইছলাম নামৰ বিদ্যালয় খনৰ সমীপত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ৷