আজি ‘শ্বহীদ দিৱস’ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নতুন দিল্লীতো উদযাপন কৰা হয় শ্বহীদ দিৱস ৷ পৱিত্ৰ দিনটোত নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ যুগজয়ী শ্বহীদসকললৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সোণোৱালে কয়, ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ অদম্য সাহস আৰু ত্যাগৰ অমৰ গাথাই মাতৃভূমিৰ প্ৰতি থকা পৰম শ্ৰদ্ধা, ভালপোৱাক প্ৰতিফলিত কৰে। আই অসমীৰ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ অখণ্ডতাৰ হকে সৰ্বস্ব ত্যাগ কৰা অমৰ শ্বহীদসকলৰ আত্মবলিদানৰ অতুলনীয় গাথা সকলোৰে বাবে অনুপ্ৰেৰণা হৈ ৰ’ব।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজা উদ্যোগত আয়োজন কৰা ছহিদ দিৱসৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু লোকসভাৰ সাংসদ প্ৰদান বৰুৱা সহ কে’বা গৰাকী কেন্দ্ৰীয় চৰকাৰৰ আমোলা ৷