নিৰ্বাচনৰ সময়ত সাম্প্রদায়িকতাৰ ৰাজনীতি কৰা বিজেপি চৰকাৰ বাংলাদেশত হোৱা হিন্দুৰ নিৰ্যাতনক লৈ কিয় নিমাত৷’ আজি মহানগৰীৰ জয়ানগৰস্থিত সৰ্বভাৰতীয় তৃণমূল কংগ্রেছৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে কয় ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে ৷
বাংলাদেশত হোৱা নির্যাতন আৰু এই সমগ্ৰ ঘটনাৰ সন্দর্ভত বিজেপি নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰৱ ভূমিকাতো সৰৱ হোৱা দেখা গ’ল তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকী।
সংবাদমাধ্যমক সম্বোধন কৰি সভাপতিগৰাকীয়ে কয় যে, “আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনার্জীয়ে বাংলাদেশৰ এই সকলো ঘটনাত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰি ইতিমধ্যে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে লগতে তেখেতে ভাৰতৰ সমূহ জনগনক আতংকিত নহবলৈও আহ্বান জনাইছে। আমি সৰ্বভাৰতীয় তৃণমূল কংগ্রেছৰ অসম প্রদেশে বাংলাদেশৰ এই সমগ্র ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছো। লগতে আগ্রাসী বাংলাদেশীৰ উত্তৰ-পূব দখলৰ হুমকি স্বত্বেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰৱ ভূমিকাকো ধিক্কাৰ জনাইছোঁ। আমি সৰ্বভাৰতীয় তৃণমূল কংগ্রেছ সমূহ নির্যাতিত সংখ্যালঘু বাংলাদেশীৰ পক্ষত আছো লগতে অনাগত সময়ত উক্ত ঘটনাৰ সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণৰো সিদ্ধান্ত লৈছোঁ।
