শ্বাহৰুখ খানৰ তিনি সন্তানৰ ভিতৰত দুই সন্তানে ইতিমধ্যেই বলিউডত ভৰি দিছে। কেৰিয়াৰৰ আৰম্ভণি কৰিছে ছুহানা খান আৰু আৰিয়ান খানে। ছুহানা অভিনয় ক্ষেত্রত আৰু আৰিয়ানে পৰিচালনা জগতত ভৰি দিছে । শ্বাহৰুখৰ সৰু পুত্র আব্রাহামো পিছে পিছ পৰি থকা নাই। মাত্ৰ বাৰবছৰ বয়সতেই ডেবিউ কৰিছে। আব্রাহামো অভিনয় নাইবা অন্য ক্ষেত্রত নহয়, ভয়ছ অ’ভাৰ আৰ্টিষ্ট হিচাপে এইবাৰ চিনেমাৰ ক্রেডিট লিষ্টত নাম উঠিছে আৱাহামৰ। মুফাছাঃ দ্যা লায়ন কিং ছবিত শ্বাহৰুখৰ পৰিয়ালৰ তিনি সদস্যই কাম কৰিছে একেলগে।
ছবিত মুফাছাৰ চৰিত্ৰত কণ্ঠ দিছে শ্বাহৰুখ খানে। ছিম্বাৰ চৰিত্ৰত কণ্ঠ দিছে আৰিয়ান খানে আৰু মুফাছাৰ পুত্ৰ, বেবি মুফাছাৰ চৰিত্ৰত কণ্ঠ দিছে আব্রাহামে। আৰু তাতেই মোটা টকা উপার্জন কৰিছে আব্রামে।
শুনা গৈছে এই ডাবিঙৰ কামৰ বাবে আব্রাম খানে আয় কৰিছে মুঠ ১৫ লাখ টকা। দ্যা লায়ন কিঙত শ্বাহৰুখে প্ৰথমবাৰৰ বাবে পুত্ৰ আৰিয়ান খানৰ স’তে একেলগে কাম কৰিছো এইবাৰ দুই পুত্ৰৰ স’তে একেলগে অভিনয় কৰা এই ছবিয়ে ২০ ডিচেম্বৰত মুক্তি লাভ কৰিব ৷ ইতিমধ্যেই প্রকাশে আহিছে ছবিৰ ট্ৰেইলাৰো ৷ তাতেই আব্ৰামৰ কণ্ঠস্বৰে মন জয় কৰিছে সকলোৰে।
উল্লেখ্য যে শ্বাহৰুখ খানে কেতিয়াও বিচৰা নাই যে তেওঁৰ সন্তানে পঢ়াশুনা এৰি অভিনয় ক্ষেত্ৰলৈ আহক। আৰিয়ান, ছুহানাকো শ্বাহৰুখে প্রথমে আনুষ্ঠানিক শিক্ষা শেষ কৰাইহে এই ক্ষেত্ৰলৈ আনিছে। কিন্তু আব্ৰাহামৰ ক্ষেত্ৰত কিছু পৃথক পন্থা ল’লে শ্বাহৰুখে। পঢ়া-শুনা সমান্তৰালকৈ আব্রাহামক ছবিৰ জগততো পৰিচয় কৰাইছে শাহৰুখে।