আজিকালি অনলাইন শ্বপিং এনে এক সুলভ মাধ্যম, যাৰ জৰিয়তে আমি ঘৰতে বহি নিজৰ পছন্দৰ সামগ্ৰীসমূহ অৰ্ডাৰ কৰিব পাৰো । কিন্তু এনে বহু লোক আছে যিয়ে অনলাইন এপসমূহত সামগ্ৰী অৰ্ডাৰ কৰি বাতিল কৰি দিয়ে, এতিয়াৰ পৰা তেনে লোকসকল সাৱধান হ’বৰ হ’ল । কাৰণ এতিয়াৰ পৰা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি বাতিৰ কৰি দিলে আপুনি ভৰিব লাগিব অতিৰিক্ত ধন ।
এই শ্বপিং এপটোত এতিয়া অৰ্ডাৰ বাতিল কৰাৰ বাবে মাচুল আদায়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । গ্ৰাহকে অৰ্ডাৰ দিয়াৰ নিৰ্দিষ্ট সময়ৰ পিছত যদি কোনো অৰ্ডাৰ বাতিল কৰে তেন্তে গ্ৰাহকে পৰিশোধ কৰিব লাগিব মাচুল । শেহতীয়াকৈ এগৰাকী গ্ৰাহকে এক্সযোগে প্ৰকাশ কৰে যে, ফ্লিপকাৰ্টত অৰ্ডাৰ বাতিল কৰিলে ২০% কৈ মাচুল পৰিশোধ কৰিব লাগিব ।