৮ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰিল নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ ৩১ সংখ্যক বাৰ্ষিক নিকেতন সপ্তাহ । শেষৰ দিনটোত নিকেতনখনত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰৰ পৰা ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই উৎসৱ ।
সামৰণি অনুষ্ঠান উপলক্ষে সোমবাৰে দুপৰীয়া মুকলি অধিবেশন আৰু বঁটা বিতৰণী সভাখনৰ অধ্যক্ষতা কৰে শিশু ভাৰতীৰ অধ্যক্ষ বিদিশা ৰাজবংশীয়ে । এই মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডাঃ . হেমন্ত ৰাভা, নিকেতনৰ প্রাক্তন ছাত্র, চিকিৎসা ডাঃ তন্ময় দাস, নিকেতন পৰিচালনা সমিতিৰ সভাপতি প্রভাত শৰ্মা, সম্পাদক ঘনশ্যাম কলিতা, প্রধান আচাৰ্য গোবিন্দ দাস, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰেন কলিতা, শিক্ষাবিদ নগেন দাসে ছাত্র-ছাত্রীসকলে উপকৃত হোৱাকৈ ভাষণ প্রদান কৰে।
এই অনুষ্ঠানত বিভিন্ন প্রতিযোগিতাত অংশগ্রহণ কৰা প্রতিযোগীসকলক পুৰস্কাৰ প্রদান কৰা হয় । লগতে এই অনুষ্ঠানত নিকেতনৰ আচার্য-আচাৰ্যাসকলৰ লগতে অভিভাৱক আৰু ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰে ।