Prominent pious woman Nani Bujarbaruah Passed Away:ঘগ্ৰাপাৰ দতৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ দেহাৱসান

মাতৃহাৰা হ’ল আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱা

HHHH

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰা গাঁৱৰ প্ৰয়াত ৰাজেন্দ্ৰ বুজৰবৰুৱাৰ পত্নী ননী বুজৰবৰুৱাৰ আজি দুপৰীয়া ১ -২০ বজাত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয় ৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বৃহত্তৰ অঞ্চলটোত পৰে শোকৰ ছাঁ  ৷

বুজৰবৰুৱা এগৰাকী আদৰ্শ গৃহিণী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ শিপিনী আছিল ৷ তদুপৰি তেওঁ স্থানীয় ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত আছিল ৷ তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( আৰ এছ এছ )ৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা মাতৃ ৷  ইপিনে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ ঘৰত অসংখ্য গুণগ্ৰাহী লোক উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ মৃত্যুত মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, ৰনজিৎ কুমাৰ দাস ,সাংসদ দিলীপ শইকীয়াকে ধৰি বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তাপ্ত পৰিয়াল বৰ্গলৈ সমাবেদনা জ্ঞাপন কৰে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ ৷ ইহ সংসাৰত এৰি যায়  তেওঁ পাঁচ গৰাকী পুত্ৰ – বোৱাৰী, নাতি- নাতিনীকে ধৰি অজস্ৰ আত্মীয় – স্বজনক ৷

Exit mobile version