এক মৰ্মান্তিক দুৰ্ঘটনাই শোকাহত কৰি তোলে কাছাৰবাসীক ৷ জিলা খনৰ বৰখলাত সংঘটিত হোৱা এক দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি কন্যা সহ মাতৃ ৷ কথমপি প্ৰাণ ৰক্ষা স্বামীৰ।
প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে নিশা কাছাৰৰ বৰখলাৰ বুৰিবাইলৰ বাসিন্দা ৰাইচ উদ্দিনে পত্নী আৰু তেৰমহীয়া কন্যা সন্তানৰ সৈতে শিলচৰত চিকিৎসকৰ ওচৰলৈ গৈছিল। তাৰ পৰা গৃহাভিমুখী হোৱাৰ পথত ৰায়পুৰত নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত ডুব যায় ৰাইচ উদ্দিনে চলায় অহা এল্ট বাহনখন ৷ ৰাইচ উদ্দিনে বাহন খনৰ গ্লাছ ভাঙি ভিতৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও পত্নী আৰু তেৰ মহীয়া কন্যা নৈৰ বুকুত পৰি যায় ৷
আনহাতে নৈৰ পাৰলৈ আহি চিঞৰ-বাখৰ কৰে ৰাইচ উদ্দিনে ৷ যাৰবাবে স্থানীয় লোক উপস্থিত হয় যদিও বাহন খনৰ কোনো শুংসূত্ৰ নাপালে ৷ গুৰুতৰভাৱে আহত ৰাইচউদ্দিনক ততাতৈয়াকৈ শিলচৰ মেডিকেল হাস্পতালহলৈ প্ৰেৰণ কৰে ৷ ইফালে ৰাইজৰ খবৰ অনুসৰি নিশাই ঘটনাস্থলীত আৰক্ষী অধীক্ষক নোমল মাহাতো সহ আৰক্ষী দল আৰু এছডিআৰএফ উপস্থিত হয় ৷ এছডিআৰএফে নিশাটো বৰাক নৈৰ বুকুত বাহন খনৰ সন্ধানত অভিযান অভিযান চলাই যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল। অৱশ্যে আজি পুৱা পুনৰ অভিযান চলাই ৰাইচউদ্দিনৰ পত্নী আৰু কণমাণি কন্যাৰ নিথৰ দেহ নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে ৷
ইতিমধ্যে মাতৃ- কন্যাৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ মাতৃ- কন্যাৰ কৰণ মৃত্যুত শোকৰ ছাঁ পৰে ৰায়পুৰত ৷