Union Minister Sarbananda Sonowal:
নাগালেণ্ডৰ ৰাহুল গান্ধীৰ সৈতে কৰা দুর্ব্যৱহাৰৰ বাবে ৰাহুল গান্ধীক তীব্র সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এক বিবৃতিত সোনোৱালে কয়, ভূমিপুত্ৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী নিষ্ঠাবান নেত্রী নাগালেণ্ডৰ সাংসদ ফাংনন কন্যাকক ৰাহুল গান্ধীয়ে দুর্ব্যৱহাৰ কৰাটো অত্যন্ত দুর্ভাগ্যজনক। এয়া ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যুগ যুগ ধৰি চলি অহা আচৰণৰ প্ৰতিফলন। ৰাহুল গান্ধীৰ শালীনতা চেৰাই যোৱা অনৈতিক আৰু অভদ্ৰ ব্যৱহাৰে নাগালেণ্ডৰ মহিলা সাংসদ গৰাকীৰ মৰ্যাদা আৰু আত্মসন্মানক আঘাত কৰিছে। সংসদৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে এগৰাকী মহিলাৰ প্ৰতি কৰা দুৰ্য্যৱহাৰক তীব্ৰ নিন্দা কৰিছোঁ। ৰাজ্যসভাৰ অধ্যক্ষক ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে এগৰাকী মহিলাৰ সন্মান উলংঘা কৰাৰ বিদ্বেষপূর্ণ প্ৰচেষ্টাৰ বিৰুদ্ধে এক কঠোৰ উদাহৰণ দাঙি কৰিবলৈ আহ্বান জনোৱা হয়৷
বিবৃতিটোত সোনোৱালে আৰু কয় যে,এয়া এগৰাকী মহিলাৰ শালীনতাৰ প্ৰতি আক্রমণ, উৎপীড়ন আৰু এগৰাকী জনজাতীয় লোকৰ বাবে এক গুৰুতৰ অপমান। কংগ্ৰেছে বাৰে বাৰে মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি ঘৃণনীয় অভিপ্রায় প্রমাণ কৰি আহিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গণতান্ত্রিক প্ৰক্ৰিয়াৰ অংশ হোৱাৰ কোনো নৈতিক ভিত্তি নাই, তেওঁ আৰু তেওঁৰ দলৰ লোকসকল গুণ্ডামিৰ পৰ্যায়লৈ পৰিণত হৈছে ।