4th Estabilished Day of Assam Chetia Sanmilan  :হাঁহচৰাত অসম চেতিয়া সন্মিলনীৰ কেন্দ্রীয় চতুর্থ প্রতিষ্ঠা দিৱস পালন

chetia

4th Estabilished Day of Assam Chetia Sanmilan  :

যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত হাঁহচৰা বালিকা বিদ্যালয়ৰ খেলপথাৰত অসম চেতিয়া সন্মিলনীৰ কেন্দ্রীয় চতুর্থ প্রতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা সন্মিলনীৰ পতাকা উত্তোলন কৰে অসম চেতিয়া সন্মিলনীৰ সভাপতি ৰূপেশ্বৰ চেতিয়াই। মৈদাম তৰ্পণ কৰে ক্ৰমে অসম চেতিয়া যোৰহাট জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰচেতিয়া আৰু উদযাপন সমিতিৰ সভাপতি ভৱ চেতিয়াই।

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বান ফি পূজাত মলুঙৰ দায়িত্ব গ্ৰহণ কৰে অৱনি দিহিঙ্গীয়া প্রদীপ বৰুৱাই। চেলেংহাট বৰনগঞাৰ সপ্তসুৰ ‘আই চিং লাও’ দলৰ দ্বাৰা পৰিবেশিত টাই ভাষাৰ আই চিং লাওৰে অনুষ্ঠিত যোৰহাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিকাশ চেতিয়াই আঁত ধৰা অসম চেতিয়া সম্মিলনীৰ সভাপতি ড: ৰূপেশ্বৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কবিন্দ্ৰ চেতিয়া ফুকনে।

সভাত মুখ্য অতিথি হিচাপে পূর্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, আহোম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি,মহন দেওধাই বাইলুং সম্মিলনীৰ মুখ্য মুখপাত্র, বাইলুং বংশাবলীৰ সাঃ সম্পাদক কনচেং বাইলুং ফুকন, নিদিষ্ট বক্তা হিচাপে অসম চেতিয়া সন্মিলনীৰ উপদেষ্টা সুৰেন্দ্র নাথ চেতিয়াকে ধৰি বিভিন্ন জিলা সমিতিৰ বিষয় ববীয়া চেতিয়া জ্ঞাতি কুটুম্ব উপস্থিত থাকে। মুকলি সভাৰ পিছতেই উক্ত স্থানতেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

Exit mobile version