অসমীয়াত এষাৰ কথা আছে, মন কৰিলেই ছন, বাকৰি মাটিতো ধন । আজিৰ অসমীয়াই পঢ়া-শুনা, চাকৰি-বাকৰিৰ পিচত এচামে দৌৰি জীৱন যাত্ৰাত ভাগৰি পৰিছে, কিন্তু তথাপি নিজৰ মাটিতে খেতি কৰাৰ কথা ভবা দেখা নাযায় ! কিন্তু তাৰ মাজতো আছে এনে বহু ব্যক্তি আছে, যিয়ে খেতিকেই মূল জীৱিকা অৰ্জনৰ পথ হিচাপে ব্যৱহাৰ কৰিছে । এইবাৰ ৰবি খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ দুই বন্ধুৱে ।
দেৰগাঁৱৰ দক্ষিণ দলিজলীয়া গাঁৱৰ দুই বন্ধুৱে ব্ৰহ্মপুত্ৰ অঞ্চলৰ হাঁহছোৱাত প্ৰায় পঞ্চাছ বিঘা মাটিত ৰবিখেতিৰ জৰিয়তে লক্ষাধিক টকা উপাৰ্জন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ৷
ৰবি শস্যৰ খেতিত বন্ধা কবি, ফুলকবি, বেঙেনা, আলু আদিৰ ওপৰত বেছি গুৰুত্ব দি আগতীয়াকৈ উৎপাদন কৰি আৰ্থিকভাৱে লাভালাভৰ বাট মোকলাইছে দুই বন্ধু ৰূপম আৰু অৰূপে ।
দুই বন্ধুৰ এই চেষ্টাক যথেষ্ট সলাগ লৈছে গাঁওবাসীয়ে । এতিয়া দুই বন্ধুৱে নিজৰ আত্মবিশ্বাস,পৰিশ্ৰম আৰু কষ্টৰ ফলত গাঁওখনৰ ভিতৰতেই প্ৰতিষ্ঠিত প্ৰগতিশীল কৃষক হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে ।