A man arrived at the hospital with a snake in his hand:
বিষাক্ত এডাল সাপ লৈ এইবাৰ চিকিৎসালয়ত উপস্থিত হ’ল এজন লোক। চিকিৎসালয় চৌহদত লাগিল হুৱাদুৱা। কেৱল সিমানেই নহয়, যিডাল সাপ লৈ ব্যক্তিজন চিকিৎসালয়ত উপস্থিত, সেইডাল বিষাক্ত সাপে দংশন কৰিছিল তেওঁক। বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়া বৰপামৰ ৰোহিত নায়ক নামৰ লোকজনক আজি এডাল বিষাক্ত সাপে দংশন কৰে ৷।
ৰোহিত নায়কৰ ঘৰৰ সমীপতে মৰণা মাৰি থকা সময়তে হাতৰ আঙুলিত দংশন কৰিলে সাপডালে। ৰোহিতৰ চকুৰ আগতে সাপভালে দংশন কৰা দেখিলে যদিও কি সাপ চিনি নাপালে। সেয়ে সাপডাল হাতৰে ধৰি এটা প্লাষ্টিকৰ বয়ামত ভৰাই এজন বন্ধুৰ সহায়ত চতিয়াৰ পৰা আহি উপস্থিত হ’ল বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসকে যেতিয়া ৰোহিতক সুধিলে কি সাপে দংশন কৰিলে।
সেই সময়তে ৰোহিতে চিকিৎসকক বয়ামত ভৰাই নিয়া সাপডাল দেখুৱাই দিয়ে। লগে লগে চিকিৎসালয় খনত হুৱাদুৱ লাগে। চিকিৎসকে যেতিয় ৰোহিতক সাপডাল চিকিৎসালয়লৈ অনাৰ কাৰণ সোধাত দংশন কৰা সাপডাল চিনি নোপোৱাৰ বাবেহে এইদৰে ধৰি আনিছো বুলি মন্তব্য কৰে। পাছত চিকিৎসকে সাপডাল ধুন্দুলি ফেটি বুলি চিনাক্ত কৰাৰ লগতে সাপে দংশন কৰা ৰোহিতক চিকিৎসা আৰম্ভ কৰিছে। বর্তমান ৰোহিতৰ অৱস্থা সম্পূর্ণ সুস্থ আৰু সাপডালো বন বিভাগক মাতি চমজাই দিব বুলি জানিব দিয়ে।