আদা আমাৰ সকলোৰে পৰিচিত এবিধ মচলাযুক্ত পাচলি । আদা সততে প্ৰতিসাজতে ব্যৱহাৰ কৰা হয় । আদাৰ বহুতো ঔষধি গুণো আছে । শীতকালত কেৱল চৰ্দি আৰু কাহেই নহয়, আন বহুতো ৰোগে আমাক জুৰুলা কৰে । সেয়েহে শৰীৰটোক সুস্থ কৰি ৰখাত আদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই প্ৰতিবেদনত আমি আপোনালোকলৈ লৈ আদাৰ উপকাৰিতাসমূহ
-আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰিলে বমিভাৱ নোহোৱা হয় ৷
-আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয় ৷
-দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হব ৷
-গৰ্ভৱতী মহিলাৰ পুৱাবেলা হোৱা বমিভাৱ (Morning sickness ) নিৰাময়ত আদা হ’ল উপকাৰী ৷
-মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ (ডিচমেনৰিয়া) উপশম ঘটায় ৷
-বৃহৎ আন্ত্ৰৰ (ক’লনৰ) কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায় ৷ স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু অভেৰিৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ৷
-এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায় ৷ নানা ধৰণৰ বাত আৰু অ’ষ্টিঅ’আৰ্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিশ কৰিব পৰামৰ্শ দিয়া হয় ৷
-দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয় ৷
-আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আঁতৰ হয় ৷ নিয়মীয়া আদাৰ সেৱন কৰিলে -অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায় ৷ তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে ৷
-আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে ৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক ৷
-যিকোনো শাৰীৰিক দূৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আতৰ হয় ৷
-পাইলচৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খোলোচা কৰাত সহায় কৰে৷
-আদাৰ প্ৰলেপ জুয়েপোৰা অংশত লগালে সোনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে ৷
-আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে ৷