Pranjana Dutta’s case field against Vrindavan Theater producer:
পুনৰ কালিকা লাগিছে ভ্ৰাম্যমান থিয়েটাৰত ৷ প্ৰাপ্য ধন আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন আৰক্ষীৰ কাষ চাপিব লগীয়া হৈছে এগৰাকী অভিনেত্ৰী ৷ আজি বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায়মেধি আৰু সহকাৰী সম্পাদক অনুপ ডেকাৰ বিৰুদ্ধে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিচতে ভ্ৰাম্যমান জগতৰ এখন ক’লা ছবি পোহৰলৈ আহিছে ৷
দক্ষিণ বইটামাৰী এম ভি স্কুলৰ খেল পথাৰত তালগুৰি আৰ্ট স্কুলৰ সাহাযাৰ্থে যোৱা ২৩ ডিচেম্বৰৰ পৰা তিনিটা নিশাৰ বাবে নাট প্ৰদৰ্শনৰ বাবে অহা বৃন্দাবন থিয়েটাৰৰ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি ২৫ ডিচেম্বৰৰ নিশা ১২ বজাৰ পিচত তেওঁ পাবলগীয়া ধনৰ খেলিমেলি হোৱা দেখি থিয়েটাৰৰ সম্পাদক জীতেন মহন্ত আৰু সহকাৰী সম্পাদক অনুপ ডেকাক প্ৰাপ্য ধন দিবলৈ দাবী জনায় ৷
২৭ ডিচেম্বৰৰ ভিতৰত ধন আদায় নিদিলে থিয়েটাৰত নাথাকে বুলিও অভিনেত্ৰী গৰাকীয়ে তেওঁলোকক কয় ৷ অভিনেত্ৰী দত্তই উল্লেখ কৰা অনুসৰি সেই সময়তে তেওঁ সন্মুখত থকা মেজখনত চাপৰ এটা মাৰে আৰু উক্ত চাপৰটোৰ আঁত ধৰিয়ে নিশা প্ৰায় ৩ মান বজাত সহকাৰী সম্পাদক অনুপ ডেকাই ফোনযোগে তেওঁক আওপকীয়াকৈ মৰাৰ ভাবুকি প্ৰদান কৰে ৷ ইয়াৰ বাবেই এগৰাকী মহিলা অভিনেত্ৰী হিচাপে বৃন্দাবন থিয়েটাৰত নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰা বুলি উল্লেখ কৰি প্ৰাঞ্জনা দত্তই কয় যে এই ঘটনাই তেওঁৰ সন্মানতো আঘাত হানিছে ৷
উল্লেখযোগ্য যে আজিৰে পৰা গোৱালপাৰাৰ বাপুজী নগৰ ফিল্ডত তিনিটি নিশাৰ বাবে বৃন্দাবন থিয়েটাৰৰ নাট মঞ্চস্থ হ’ব ৷ অভিনেত্ৰী দত্তই জানিবলৈ দিয়া অনুসৰি দৰ্শকৰ মুখলৈ চাই তেওঁ গোৱালপাৰাত বৃন্দাবন থিয়েটাৰত থাকিয়ে অভিনয় কৰিব যদিও এয়াই হ’ব বৃন্দাবন থিয়েটাৰত তেওঁৰ শেষ অভিনয় ৷ পৰৱৰ্তী নাট মঞ্চস্থ হ’বলগীয়া স্থানসমূহৰ ৰাইজৰ পৰা অভিনেত্ৰী গৰাকীয়ে সেয়ে ক্ষমাও বিচাৰে ৷ প্ৰাঞ্জনা দত্তৰ বাহিৰে আৰু দুগৰাকী অভিনেত্ৰীয়েও বৃন্দাবন থিয়েটাৰ এৰিব বুলি জানিব পৰা গৈছে ৷