Book Release:ৰবিজিতা গগৈৰ সম্পাদনাৰে ‘পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে’ উন্মোচন

নাট্যকাৰৰ হাততে প্ৰাণ পাই উঠে নাটক : পোনা মহন্ত

book release 1

Book Release:

ৰবিজিতা গগৈৰ সম্পাদনাৰে জিৰছং থিয়েটাৰে প্ৰযোজনা কৰা পাঁচখন ৰূপান্তৰিত নাটকৰ একত্ৰ সংকলন ‘পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে’ দেওবাৰে গুৱাহাটীৰ সূৰ্য ক্লাবত উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক সান্তনা বৰদলৈ, বিশিষ্ট নাট্য বিশেষজ্ঞ পোনা মহন্ত, বিশিষ্ট কবি নীলিম কুমাৰ, বনলতাৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকা আৰু গল্পকাৰ ৰত্না ভৰালী তালুকদাৰে ৷

গ্ৰন্থখন উন্মোচন কৰি সান্তনা বৰদলৈয়ে কয় যে ৰবিেেজিতাৰ এই গ্ৰন্থ বৰ্তমান সময়ৰ বাবেই নহয়, অনাগত কেইবাটাও প্ৰজন্মক উপকৃত কৰিব৷ নিৰ্দিষ্ট বক্তাৰ ভাষণত পোনা মহন্তই পৰিৱেশ্য কলাৰ সাহিত্য সম্পৰ্কত দীঘলীয়া মন্তব্য দাঙি ধৰে ৷ ছয়ষষ্ঠি কলাৰ চাৰিিবধ কলা নৃত্য, গীত, বাদ্য আৰু নাট্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৃথিৱীৰ কোনো নাটক নাই য’ত নৃত্য নাই ৷ লোকনৃত্য আৰেু শাস্ত্ৰীয় নৃত্যৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ মহন্তই আৰু কয়– নাটক হৈছে দৃশ্যকাব্য ৷ নৃত্য কৰাজনৰ নৃত্যভংগীতো এখন নাটকৰ উপস্থাপন শক্তিশালী হয়৷ নাট্যকাৰৰ হাততে প্ৰাণ পাই উঠে নাটক৷

সভাত উপস্থিত থাকি বিশিষ্ট কবি নীলিম কুমাৰে কয় যে নাটক এক আদিমতম ভাষা৷ ভাষাৰ সৃষ্টিৰ আগতে নাট্যভাষাৰ সৃষ্টি হৈছে৷ প্ৰাচীন কালৰেপৰা নিৰৱচ্ছিন্নভাৱে এই নাট্যকলাৰ চৰ্চা-সাধনা প্ৰচলিত হৈ আছে ৷ নীলিম কুমাৰে আৰু কয় যে পাঠকেই হ’ল গ্ৰন্থ এখনৰ প্ৰকৃত উন্মোচক ৷ প্ৰকাশক অনন্ত হাজৰিকায়ো শুভেচ্ছা জনাই ৰবিজিতা গগৈ আৰু জিৰছং থিয়েটাৰক ৷ গ্ৰন্থখন উন্মোচনৰ আগতে গল্পকাৰ ৰত্না ভৰালী তালুকদাৰে ৰবিজিতা গগৈৰ নাট্যকৰ্ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে ৰবিজিতাই নাৰী সমাজৰ সংঘৰ্ষময় জীৱনৰ দায়িত্ব লৈ নিজকে সমাজৰ কামত আগুৱাই নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ থকা দৃশ্যবোৰ তেওঁৰ নাটকবোৰত বৰ সুন্দৰকৈ উপস্থাপন কৰাৰ লগতে নাট্য সাহিত্যত ৰসৰ পুনঃউপস্থাপনৰ লগতে নাটক আৰু সাহিত্যৰ সংযোগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷ সভাখনৰ আঁত ধৰা ৰবিজিতা গগৈয়ে সকলোৰে শলাগ লয় ৷

গ্ৰন্থখনত সন্নিৱিষ্ট নাটক পাঁচ খন ক্ৰমে মামণি ৰয়ছম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত ‘দেৱীপীঠৰ তেজ’, ফণীশ্বৰ নাথ ৰেণুৰ কাহিনী ‘ন জানে কহি বেশ মেঁ’ আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ গল্প ‘সুখ-দুখ’ৰ আধাৰত ‘যাত্ৰা শুভ হওক’, মহেন্দ্ৰ বৰঠাকুৰৰ গল্প ‘হায়’ৰ আধাৰত ‘নেওতা নিৰ্মাণ’, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনী ‘স্ত্ৰীৰ পত্ৰ’ৰ আধাৰত ‘ইতি মৃণালিনী’, অনুৰাধা শৰ্মা পূজাৰীৰ একে নামৰ গল্পৰ আধাৰত ‘বাদুলি’৷ নাটককেইখনৰ স্ৰষ্টা ক্ৰমে ৰবিজিতা গগৈ, পংকজজ্যোতি ভূঞা আৰু মৃণালজ্যোতি গোস্বামী ৷

উল্লেখ্য যে ‘পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে’ জিৰছং থিয়েটাৰৰ দ্বিতীয় প্ৰয়াস ৷ ইতিমধ্যে জিৰছং থিয়েটাৰে ২৯টা বছৰ অতিক্ৰমী নৱবৰ্ষত ৩০ বছৰ সম্পূৰ্ণ কৰিব৷ এই দীঘলীয়া পৰিক্ৰমাত জিৰছং থিয়েটাৰে প্ৰায় ৪০খন নাটক প্ৰযোজনা, নাটকৰ মহোৎসৱ, শিশু নাটক, প্ৰশিক্ষণ আদি কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

Exit mobile version