Golakganj Incident:
থানা ঘেৰাও কৰাৰ পিছতে সাৰ পালে গোলকগঞ্জ আৰক্ষী। নিশা আটক হল দুই আক্ৰমণকাৰী | এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই মূল অভিযুক্তক।
২৫ ডিচেম্বৰত সন্ধিয়া গোলকগঞ্জৰ লক্ষীমাৰী দ্বিতীয় খণ্ডত কেৰম খেলক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ।মাজনিশা শিক্ষক শাহ আলম সৰকাৰ আৰু পুত্ৰ এনজামামুল সৰকাৰ আৰু ৰেজ্জাক তালুকদাৰে আক্ৰমণ চলায় জয়নাল সেখৰ বাসগৃহত। ঘৰ দুৱাৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰে। শাহ আলম সৰকাৰৰ নেতৃত্বত এনজামামুল আৰু ৰেজ্জাকে জয়নাল সেখৰ পুত্ৰ মেৰাজুল আলীক মাটিত বগৰাই ছুৰিকাঘাত কৰি গুৰুতৰ জখম কৰি পলায়ন কৰে।
এই সন্দৰ্ভত পৰিয়ালৰ লোক দুৱাৰকৈ গোলকগঞ্জ থানাত এজাহাৰ দিবলৈ যায় যদিও প্ৰতিবাৰে দাবী ধমকি বিভিন্ন অজুহাত দি ঘুৰাই পঠায়। কালি পুৱা গাঁও খনৰ দুই শতাধিক ৰাইজ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ কৰে। ৰাইজৰ প্ৰতিবাদত সেও মানি ২৯৮/২৪ নম্বৰত গোচৰ ৰুজু কৰি নিশা নাটকীয় ভাবে এনজামামুল আৰু ৰেজ্জাকক আটক কৰে যদিও মূল অভিযুক্ত শিক্ষক শাহ আলম সৰকাৰক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই।
আটকাধীন দুয়োকে আদালতত প্ৰেৰণ কৰা হয়। ইপিনে ঘটনা সংঘটিত কৰিও এদিন আগলৈকে থানাৰ সন্মুখত দপদপাই ঘুৰি ফুৰা শিক্ষক শ্বাহ আলম সৰকাৰক আটক কৰিব নোৱাৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।