26/11 attacks accused Tahawwur Rana’s appeal in US against extradition to India:
২৬/১১ মুম্বাই আক্রমণৰ অন্যতম অভিযুক্ত তহববুৰ ৰাণাক শীঘ্ৰে ভাৰতলৈ অনা হ’ব। আমেৰিকাৰ এখন আদালতে ভাৰত-আমেৰিকা প্রত্যর্পণ চুক্তিৰ আধাৰত ৰাণাক ভাৰতলৈ প্রত্যর্পণৰ প্রস্তাৱত অনুমোদন জনালে।
প্রকাশিত বাতৰি অনুসৰি, ৰাণাক কূটনৈতিক মধ্যস্থতাৰ জৰিয়তে ভাৰতলৈ অনাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে। ৰাণাক ২০০৯ত ফেডাৰেল ব্যুৰ’ অৱ ইনভেস্টিগেচনে গ্রেপ্তাৰ কৰিছিল। ২০২৪ৰ ১৫ আগষ্টত ৰাণাই প্রত্যর্পণৰ বিৰোধিতাবে আদালতত আবেদন জনাইছিল যদিও জিলা আদালতে তেওঁৰ এই আবেদন নাকচ কৰিলে।
মার্কিন আদালতে নিজৰ সিদ্ধান্তত কয় যে ভাবত আৰু আমেৰিকাৰ মাজত থকা প্রত্যর্পণ চুক্তিৰ অধীনত সন্ত্রাসবাদত অভিযুক্ত ৰাণাক ভাৰতলৈ প্রত্যর্পণ কৰা সম্ভৱ। মুম্বাই আক্ৰমণৰ গোচৰৰ ৪০৫পৃষ্ঠাৰ অভিযোগনামাত অন্যতম অভিযুক্ত হিচাপে ৰাণাৰ নাম উল্লেখ আছে।
ভাৰতৰ অভিযোগ অনুসৰি, ৰাণা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআই আৰু লস্কৰ-ই-তৈবাৰ সদস্য। ২০০৮ৰ ২৬ নৱেম্বৰত মুম্বাইত লস্কৰ-ই-তৈবাৰ ১০ সদস্যই ভয়াৱহ আক্রমণ চলাইছিল আৰু এই সন্ত্রাস আক্রমণত ১৬৬ জন লোক নিহত আৰু ৩০০ ৰো অধিক লোক আহত হৈছিল।