Assam APSC Scam:
ৰাজ্যৰ বহুচৰ্চিত এপিএছচি কেলেংকাৰীৰে অভিযুক্ত ১৪ জনে অৱশেষত লাভ কৰিলে জামিন। উল্লেখ্য যে,কামৰূপ বিশেষ ন্যায়াধীশ আদালতে এপিএচচি কেলেংকাৰীৰে জড়িত থকা অভিযোগত নিজাববীয়াকৈ অন্তৰ্ভুক্ত কৰিছিল ১৪ অভিযুক্তৰ নাম ৷ আজি কাৰাৰুদ্ধ আটাইকেই গৰাকী অভিযুক্তক হাজিৰ কৰা হৈছিল বিশেষ ন্যায়াধীশৰ আদালতত।
আজি জামিন লাভ কৰা সকল হ’ল জগদীশ বহ্ম, ফাৰুক আহমেদ, অনলজ্যোতি দাস, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু হিতেশ মজুমদাৰে,নন্দিনী কাকতি, ঋতুৰাজ দলে, নীলাঞ্জল গগৈ, দীপাংকৰ দত্ত লহকৰ, ধীৰাজ কুমাৰ জৈন, স্বৰূপ ভট্টাচাৰ্য, বিকাশ শৰ্মা, চক্ৰধৰ ডেকা আৰু বিচিত্ৰ গোপাল নাথ ।
মনকৰিবলগীয়া যে,শেহতীয়াকৈ দুজন এপিএচ বিষয়া ক্ৰমে আশিমা কলিতা আৰু ঋতুৰাজ দলেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰা অনিয়মৰ বাবে বিভাগীয় কাৰ্য্যবিধি বাতিল কৰিবলৈ বিচাৰিছিল। সেই অনুসৰি ন্যায়ালয়ে তেওঁলোকৰ আবেদন জৰুৰীভাৱে গ্ৰহণ কৰি আদালতে পৰৱৰ্তী শুনানিলৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰক। একেদৰে আদালতে ৰাজ্য চৰকাৰক গোচৰটোৰ সন্দৰ্ভত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ ১৪ নৱেম্বৰটো নিৰ্ধাৰণ কৰে ৷






























