-লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
-লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ছাত্ৰ-ছাত্ৰী ভৰ্তি আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
-দুৰ্ঘটনাত পতিত বাছখনত আছিল ধেমাজি আমগুৰিৰ এখন বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক।
–আল্ট্ৰা বাছখনত আছিল ৩৬ জন ছাত্ৰ-ছাত্ৰীৰ লগতে ৪ গৰাকী শিক্ষক।
-দুৰ্ঘটনাটোত ৩ গৰাকী শিক্ষক আৰু ১২ জনকৈ শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়।
-বাছৰ চালকসহ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
-ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে আহতকেইগৰাকীক ।
-দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকজন পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
ট্ৰাক আৰু ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছৰ ভয়ংকৰ দুৰ্ঘটনা, ছাত্ৰ-ছাত্ৰীৰ আৰ্তনাদ
ট্ৰাক আৰু ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছৰ ভয়ংকৰ দুৰ্ঘটনা, ছাত্ৰ-ছাত্ৰীৰ আৰ্তনাদ
![Assam News Today | ট্ৰাক আৰু ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছৰ ভয়ংকৰ দুৰ্ঘটনা, ছাত্ৰ-ছাত্ৰীৰ আৰ্তনাদ - Dainik Agradoot | পথ দুৰ্ঘটনা](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2025/01/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A6%95-%E0%A6%AC%E0%A6%9A%E0%A6%BE%E0%A6%93%E0%A6%95.jpg?fit=1024%2C1024&ssl=1)