মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যোৰহাট স্বাস্থ্য কেন্দ্ৰ তথা মেলেৰিয়া বিভাগৰ প্ৰশংসনীয় পদক্ষেপ । খোদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশংসাৰে উপচাই পেলালে যোৰহাটৰ স্বাস্থ্য বিভাগক। ২০২৪ৰ শেষৰটো দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ উদাহৰণ দাঙি ধৰি কয় যে, মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাখনে ব্যাপক সফলতা লাভ কৰিছে ।
যোৰহাটৰ স্বাস্থ্য বিভাগ তথা মেলেৰিয়া বিভাগৰ তৎপৰতাৰ ফলত জিলাখনত বিগত ৫-৬ বছৰত স্থানীয়ভাৱে উৎপত্তি হোৱা মেলেৰিয়া ৰোগত এজনো লোক আক্ৰান্ত হোৱা নাই। যোৰহাটৰ চাহ বাগিচাসমূহত যোৰহাটত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ উদাহৰণ দাঙি ধৰি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।
শেহতীয়াকৈ যোৰহাটৰ কেইবাখনো চাহ বাগিচাত তিনি শতাধিক লোক কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈছিল। কিন্তু এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই স্বাস্থ্য বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ তৎপৰতাত তাৎক্ষণিকভাৱে এই মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ স্বাস্থ্য বিভাগক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা প্ৰশংসা ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় ।