Awareness meeting on Mission Basundhara in Margheritaমাৰ্ঘেৰিটাত মিছন বসুন্ধৰা 3.0 সন্দৰ্ভত সজাগতা সভা

মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ উদ্যোগত আয়োজন এই সজাগতা সভা

margherita

Awareness meeting

on Mission Basundhara in Margherita:

মাৰ্ঘেৰিটাত মিচন বসুন্ধৰা সন্দৰ্ভত সজাগতা সভা। উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা সজাগতা সভাত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে।

ADVERTISEMENT

উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা মিচন বসুন্ধৰা ৩.০ ৰ সজাগতা সভাত বিভিন্ন ধৰ্মীয় অনুষ্ঠান -প্ৰতিষ্ঠান, মঠ মন্দিৰ, সামাজিক অনুষ্ঠান আৰু বিদ্যালয় সমূহক ভূমি বন্দোৱস্তীৰ বাবে আবেদনৰ অন্তিম সময় ৩১ ডিচেম্বৰ ২০২৪ আছিল যদিও শেহতীয়াকৈ চৰকাৰে আবেদনৰ অন্তিম সময় ১০ দিন বৃদ্ধি কৰিছে ।

সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে যাতে নিদিষ্ট সময়ৰ ভিতৰত আবেদন জনায় এই সন্দৰ্ভত এক সজাগতা সৃষ্টি বাবে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গ মঞ্চত সজাগতা সভাৰ আয়োজন কৰা হয়।

এই সভাত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটা সম-জিলাৰ আয়ুক্ত পৰীক্ষিত থৌদম, ৰাজহ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্তৰ লগতে বিভিন্ন উচ্চপদস্থ বিষয়াসকল সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান আদিৰ উপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হয়।

Exit mobile version