চীনত ক’ভিড সদৃশ HMPVৰ প্ৰাদুৰ্ভাৱৰ খবৰৰ মাজতেই ভাৰতত এইচ.এম.পি.ভি. সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে । ঘটনাৰ সবিশেষ অনুসৰি, এখন ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিবেদন অনুসৰি বেংগালুৰুত এটা আঠ মাহৰ শিশুৰ এইচ.এম.পি.ভি সংক্ৰমণৰ সন্দেহ কৰা হৈছে । অৱশ্যে, কৰ্ণাটকৰ স্বাস্থ্য বিভাগে ঘটনাটো নিশ্চিত কৰা নাই । চৰকাৰী পৰীক্ষাগাৰত পৰীক্ষা কৰা পিছতহে সঠিক খবৰ পোহৰলৈ আহিব ।
কৰ্ণাটক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে কয়, “এইচ.এম.পি.ভি.-ৰ সংস্পৰ্শলৈ অহাৰ সন্দেহৰ পৰিপ্ৰেক্ষিতত শিশুটোৰ ভ্ৰমণৰ তথ্য সংগ্ৰহ কৰা হৈছে। বৰ্তমানলৈ, সংক্ৰমণৰ সম্ভাৱনা নিশ্চিত নহয়। শিশুটোৰ নমুনা পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাৰ বাবে পুনেৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে, প্ৰতিবেদনৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।”
উল্লেখ্য যে, কৰ্ণাটকৰ স্বাস্থ্য বিভাগে যোৱা ৪ জানুৱাৰীত দৃঢ়তাৰে কৈছিল যে, ৰাজ্যখনত এতিয়ালৈকে এইচ.এম.পি.ভি.-ৰ কোনো ঘটনা আনুষ্ঠানিকভাৱে প্ৰতিবেদিত হোৱা নাই।