Inter-Tea Estate Women’s Football Championship:পূৰ্বভাৰতী এডুকেশ্বনেলৰ ট্ৰাষ্টৰ উদ্যোগত “গাৰ্লছ ফ’ৰ গ’লছ আন্তঃ চাহ বাগিচা মহিলা ফুটবল চেম্পিয়নশ্বীপ আয়োজন

সম্বোধন কৰিলে সংবাদমেল

sports pressmeet 1
Inter-Tea Estate Women’s Football Championship:

পূৰ্বভাৰতী এডুকেশ্বনেলৰ ট্ৰাষ্টৰ উদ্যোগত “গাৰ্লছ ফ’ৰ গ’লছ ” আন্তঃ চাহ বাগিচা মহিলা ফুটবল চেম্পিয়নশ্বীপ ২০২৫ আৰম্ভ কৰা হৈছে। তৃতীয়বাৰলৈ অনুষ্ঠিত কৰা হৈছে গাৰ্লছ ফ’ৰ গ’লছ আন্তঃ চাহ বাগিচা মহিলা ফুটবল চেম্পিয়নশ্বীপ |

ADVERTISEMENT
এই চেম্পিয়নশ্বীপৰ মূল উদ্দেশ্য হৈছে চাহ বাগিচাৰ চাহ জনজাতি বা আদিবাসী সম্প্ৰদায়ৰ কিশোৰীসকলক খেলৰ জৰিয়তে শিক্ষাৰ দিশত আগবঢ়ায় নিয়া আৰু ছোৱালীবোৰক খেলা প্ৰতি অনুপ্ৰাণিত কৰা লগতে সঠিক মঞ্চ এখন প্ৰদান কৰা।
গাৰ্লছ ফ’ৰ গ’লছ চেম্পিয়নশ্বীপটি অসমৰ ছয়টা খণ্ডত অনুষ্ঠিত হব। যোৰহাট খণ্ডত চলিত বৰ্ষ ১৮ জানুৱাৰী আয়োজন কৰা হ’ব। প্ৰত্যেকটো খণ্ডত ১৬  টীমে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰত্যেকটো  খণ্ডৰ  পৰা দুটাকৈ টীম নিৰ্বাচন কৰা হ’ব। নিৰ্বাচিত হোৱা ১২ টীমে গাৰ্লছ ফ’ৰ গ’লছ চেম্পিয়নশ্বীপটি চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিব। এই চূড়ান্ত খেলখন ২০২৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হ’ব। গাৰ্লছ ফ’ৰ গ’লছ চেম্পিয়নশ্বীপটি স্থানীয় সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হব।
Exit mobile version