Health Tips: প্রতিদিনে খালী পেটত ফল-মূল খায় নেকি ?

Health Tips: প্রতিদিনে খালী পেটত ফল-মূল খায় নেকি ?

Health Tips

খালী পেটত পানী খোৱাটো স্বাস্থ্যকৰ, কিন্তু খালী পেটত ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। আজিকালি বহুতো লোকে পুৱা শুই উঠি খালী পেটত ফল-মূল খোৱা দেখা যায় । কিন্তু আপোনালোকে জানেনে খালী পেটত ফল খোৱাটো স্বাস্থ্যৰ বাবে কিমান অপকাৰী ?

ফল-মূল খোৱাৰ কিছুমান নিয়ম আছে। যদিও ফল অতি স্বাস্থ্যকৰ খাদ্য, সকলো ফলে শৰীৰত ভাল প্রতিক্রিয়া নকৰে। গধুৰ আহাৰ খোৱাৰ পাছত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটি, বদহজম আৰু ওজন বৃদ্ধি হ’ব পাৰে। দুপৰীয়া বা বাতিৰ আহাৰ গ্ৰহণৰ পাছত নিয়মিতভাৱে ফল-মূল গ্রহণ কৰিলে শৰীৰত বিভিন্ন ৰোগ হ’ব পাৰে। খালী পেটত ফল-মূল খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত এচিডিটিৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে কিছু খাদ্য খোৱাৰ পিছতহে ফল-মূল খাব। খালী পেটত ফল নাখাব।

পুষ্টিবিদসকলে ফল খোৱাৰ পূৰ্বে বাদাম খাবলৈ পৰামর্শ দিয়ে। ফল খোৱাৰ পূৰ্বে আলমণ্ড খালে তেজত চেনিৰ মাত্রা নিয়ন্ত্রণত থাকে। লগতে বাদাম শৰীৰৰ বাবে ভাল চৰ্বিৰ উত্তম উৎস। কেতিয়াও ফল খোৱাৰ লগে লগে পানী খাব নালাগে। কেৱল ফলৰ লগত নহয়, কোনো খাদ্যৰ লগত পানী পান কৰিব নালাগে। ই হজম শক্তি দুর্বল কৰিব পাৰে।
বহুতে ফলৰ ৰস খাই ভাল পায়। কিন্তু এই অভ্যাস ভাল নহয়। গোটা ফল চোবাই খালে ফলৰ সকলো পুষ্টিকৰ উপাদান পোৱা যায়। এই অভ্যাস দাঁত আৰু আলুৰ বাবেও উপকাৰী।

সতেজ ফল খাবলৈ চেষ্টা কৰক । ই স্বাস্থ্যকৰ। পুৰণি ফল খালে শৰীৰত বিৰূপ প্ৰভাৱহে পেলাব পাৰে । ইয়াৰ বাহিৰেও সতেজ ফলত থকা ভিটামিন আৰু খনিজ পদার্থই শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱৰ ক্ষতিপূৰণ সোনকালে কৰে। ফল সদায় বাকলিৰ লগত খাব। আপেল, অমিতা-আঙুৰ, মধুৰিআম, নাচপতিৰ বাকলি শৰীৰৰ বাবে ভাল। কমলা, মৌচুমী, আঙুৰ বা যিকোনো ছাইট্রাছ ফল টেন্ডা হোৱাৰ বাবে এই ধৰণৰ ফলত এচিডৰ মাত্রা অধিক থাকে। যদিও ইয়াত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে, তথাপি এই ফল খালী পেটত খালে বুকুত জ্বলা-পোৰা আৰু তীব্ৰ এচিডিটিত ভুগিব পাৰে ।

Exit mobile version