AICC Secy Prithiviraj Sathe:বৰ্তমানে দিছপুৰৰ পৰাহে বিটিআৰৰ শাসন চলে !

মিত্ৰতাৰ সম্ভাৱনা নাই, ৪০ সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে : সাথে

WhatsApp Image 2025 01 10 at 3.27.56 PM

AICC Secy Prithiviraj Sathe:

ইউপিপিএলৰ দিনত দিছপুৰৰ পৰাহে বিটিআৰ শাসন চলে বুলি শাসকীয় পক্ষৰ সমালোচনাত মুখৰ হৈ উঠে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথে। গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ সমিতি (এআইচিচি) ৰ সাধাৰণ মিত্ৰতাৰ সম্ভাৱনা নাই, ৪০ সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব কংগ্রেছে ৷

সম্পাদকজনে শাসকীয় বিজেপি আৰু ইউপিপিএলক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিটিচিৰ প্রকৃত উন্নয়ন পূৰ্বৰ কংগ্ৰেছৰ দিনতহে সম্ভৱ হৈছিল বুলিও সাথেই দাবী কৰে। তেওঁ কয়, ‘দিল্লীত পূর্বৰ কংগ্রেছ নেতৃত্বাধীন ১০ বছৰীয়া শাসনত বিটিচিৰ তীব্র গতিত উন্নয়ন হৈছিল। হাগ্রামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ স’তে মিত্রতা থকা পূর্বৰ কংগ্রেছ নেতৃত্বৰ ইউপিএ চৰকাৰে বিটিএডিলৈ এহেজাৰ কোটি টকা উন্নয়নৰ বাবে মুকলি কৰি দিছিল।

তেতিয়া বিটিএডিত অভিযান্ত্রিক মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্রীয় কাৰিকৰী প্রতিষ্ঠানকে ধৰি ডাঙৰ ডাঙৰ প্রতিষ্ঠান স্থাপন হৈছিল আৰু উন্নয়ন সম্ভৱ হৈছিল।’ তেওঁ লগতে কয় যে একমাত্র কংগ্রেছৰ দ্বাৰাহে সর্বাংগীণ উন্নয়ন সম্ভব বুলি বিটিচিবাসীয়ে জানে। বিজেপি-ইউপিপিএলৰ শাসনৰ সময়ত বর্তমানে বিটিআৰৰ ৰাইজ হতাশাত ভুগি আছে বুলিও জ্যেষ্ঠ কংগ্রেছ নেতাজনে অভিযোগ উত্থাপন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজে এইবাৰ বিটিআৰত কংগ্ৰেছক বিচাৰিছে বুলি উল্লেখ কৰি কাৰো নাম উচ্চাৰণ নকৰাকৈ তেওঁ লগতে কয়, ‘বর্তমানে গুৱাহাটীৰ পৰাহে বিটিচিৰ শাসন চলে।

কার্বি আংলঙত জনজাতি লোকৰ ৬০ হেজাৰ বিঘা ভূমি হস্তক্ষেপ কৰি আদানীৰ চিমেন্ট কোম্পানীক দিছে। এই একেই কাম বিটিচিতো হোৱাটো নিশ্চিত। এই কথা বিটিচিৰ জনজাতীয় লোকসকলে ভালদৰে জানে। গতিকে কংগ্রেছক সকলোৱে বিচাৰিছে। ইয়াৰ ফলাফলো ভাল হ’ব।’

আনহাতে, সংবাদমেলত এআইচিচিৰ নেতাজনে লগতে কয় যে আগন্তুক বিটিচিৰ নির্বাচনত কংগ্রেছে ৪০ টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। এই নির্বাচনৰ দলীয় পৰিস্থিতি বুজ ল’বলৈ ইয়ালৈ অহা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে ভিচিডিচিৰ অধ্যক্ষ, মণ্ডল সমিতি আদিৰ লগত তেওঁ আলোচনাত মিলিত হ’ব। আগন্তক বিটিচি নির্বাচনত কংগ্রেছে অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ সদৰী কৰে। কোনো দলৰ স’তে মিত্রতা কৰাৰ চিন্তা এতিয়ালৈকে কৰা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘আগন্তক দুমাহত বিটিএডিত দলীয় কার্যসূচী কি হ’ব, সেই সম্পর্কত ভিচিডিচিৰ সভাপতিসকলৰ লগত আলোচনা কৰা হ’ব।

প্রতি মাহতে কোকৰাঝাৰলৈ আহি দলৰ স্থিতি সম্পর্কে আলোচনা কৰিম।’ কোকৰাঝাৰ জিলাত বিটিচিৰ ১২ খন আসন থকাৰ কথা উল্লেখ কৰি এই আসন কেইখনক লৈ দলে পর্যালোচনা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। কাইলৈ তেওঁ দৰং, ওদালগুৰি আৰু তামুলপুৰ ভ্ৰমণ কৰি দলীয় সভাত অংশ ল’ব বুলিও সদৰী কৰে।

Exit mobile version