Ten people have been killed in a devastating fire in California:
কেলিফৰ্ণিয়াত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই একপ্ৰকাৰ হাহাকাৰ কৰি তুলিছিল এক বৃহত্তৰ অঞ্চলক। শুকুৰবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ আশে-পাশে সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে। কেলিফৰ্ণিয়াত এতিয়ালৈকে হোৱা এইটোৱেই হৈছে সৰ্বাধিক বৃহৎ অগ্নিকাণ্ড।
যোৱা চাৰি দিন ধৰি জ্বলি থকা জুয়ে প্ৰায় ৪০ হেজাৰ একৰ মাটি আগুৰি ধৰিছে। ২৯ হেজাৰ একৰ অঞ্চল সম্পূৰ্ণৰূপে জ্বলি গৈছে। এই অগ্নিকাণ্ডত প্ৰায় ১০ হেজাৰ অট্টালিকা ধ্বংস হোৱাৰ বিপৰীতে ৩০ হেজাৰ ঘৰৰ ক্ষতিসাধন হৈছে। প্ৰায় ৫০ হেজাৰ লোকক শীঘ্ৰে ঘৰ খালী কৰিবলৈ কোৱা হৈছে। প্ৰায় ৩ লাখ লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। শনিবাৰলৈকে এই অগ্নিকাণ্ড আৰু বিয়পি পৰাৰ সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে।
জুইৰ বাবে লছ এঞ্জেলছত থকা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ঘৰ খালী কৰাৰ নিৰ্দেশনাও দিয়া হৈছে। হেলিকপ্টাৰ আৰু বিমানেৰে অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু প্ৰচণ্ড বতাহ আৰু ইয়াৰ পৰিৱৰ্তিত দিশৰ বাবে বিভিন্ন স্থানত জুই বিয়পি পৰিছে। জুই নিৰ্বাপনৰ বাবে প্ৰায় ৭৫০০ অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হৈছে। উদ্ধাৰকাৰী দলে হেজাৰ হেজাৰ লোকক নিৰাপদ স্থানলৈ লৈ গৈছে।
বিদ্যালয়, কমিউনিটি চেণ্টাৰ আৰু অন্যান্য নিৰাপদ স্থানক জৰুৰীকালীন আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে। পৰিস্থিতি এনেকুৱা হৈছে যে অগ্নিনিৰ্বাপক বাহিনীৰ হাইড্ৰেণ্ট অৰ্থাৎ অগ্নিনিৰ্বাপক যন্ত্ৰ বহু ঠাইত শুকান হৈ আছে। তেওঁলোকৰ পানী শেষ হৈ গৈছে |