সাধাৰণতে লেহেমীয়া যান-জঁটৰ বাবে বেংগালুৰুৰ নাম জানাজাত । কিন্তু আপুনি বিশ্বাস কৰিবনে বেংগালুৰুতকৈ লেমেহীয়া যান-জঁটৰ সমস্যাই দেখা দিয়া চহৰখন আমাৰ ভাৰততে অৱস্থিত ।
২০২৪ চনৰ টমটম ট্ৰেফিক ইণ্ডেক্স প্ৰতিষ্ঠানৰ তথ্যত বিশ্বৰ দ্বিতীয় লেমেহীয়া চহৰৰ স্বীকৃতি লাভ কৰিছে কলকাতাই । এই চহৰখনৰ যান-জঁট এক প্ৰত্যাহ্বানস্বৰূপ, এই চহৰখনত মাত্ৰ ১০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ গড় ভ্ৰমণৰ সময় ৩৪ মিনিট ৩৩ ছেকেণ্ড। ইয়াৰ শীৰ্ষত আছে কলম্বিয়াৰ এখন চহৰ বাৰেনকুইলা । এই চহৰখনত ভ্ৰমণৰ গড় সময় ৩৬ মিনিট ৬ ছেকেণ্ড ।
কলকাতাক এখন শান্ত চহৰ হিচাপে জনা যায় । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, কলকাতাৰ আনন্দ চহৰত বাহনসমূহ লাহে লাহে চলাচল কৰে । এই চহৰখনত যান-জঁটৰ সমস্যা সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। চহৰখনৰ পুৰণি ৰাস্তা, ঠেক ৰাস্তা আৰু বৰ্ধিত জনসংখ্যাৰ বাবে এই পৰিস্থিতি অধিক অৱনতি ঘটিছে । প্ৰচুৰ যান-জঁট, ট্ৰেফিক লাইটত দীঘলীয়া বিলম্ব এতিয়া চহৰখনত যেন নিয়মীয়া হৈ পৰিছে। পুৰণি আন্তঃগাঁথনি আৰু দ্ৰুত নগৰ উন্নয়নে চহৰখনৰ পৰিস্থিতিক অধিক কোঙা কৰি পেলাইছে ।