Asom Jatiyo Bidyalaya: অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে পুৱাৰ পৰা দিনৰ ১২.৩০ বজালৈ অসম জাতীয় বিদ্যালয়, নুনমাটিত ‘শিল্পী দিৱস’ উদযাপন কৰা হয়। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে জ্যোতিপ্রসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জনায়।
ইয়াৰ পাছতেই সদ্যপ্রয়াত বিশিষ্ট কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ প্রতি শ্রদ্ধা জনাই এক মিনিট সময় মৌন প্রার্থনা কৰা হয়। বিদ্যালয়ৰ উপাধ্যক্ষ পংকজ দত্তই আদৰণি ভাষণ আগবঢ়ায়। সংগীতৰ শিক্ষয়িত্রী বর্ণালী দেৱীৰ পৰিচালনাত একাংশ শিক্ষার্থীয়ে সমবেত সংগীত পৰিৱেশন কবি শিল্পী দিৱস অনুষ্ঠানত উপস্থিত আটাইকে আপ্লুত কৰে।
শিল্পী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষার্থী নিশিতা ডেকাই। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট তবলাবাদক সূর্য গোস্বামী।
ভাষণ প্রসংগত তেওঁ জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ অসমীয়া সমাজ জীৱনত বৃহৎ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ শিক্ষার্থীসকলক দৈনন্দিন অধ্যয়নৰ লগতে সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
একাদশৰ কলা শাখাৰ শিক্ষার্থী কাঞ্চন গুৰুঙে এটা জ্যোতি সংগীত পৰিবেশন কৰে। শিক্ষয়িত্রী ছেহনাজ শিখা ৰহমানৰ পৰিচালনাত একাংশ শিক্ষার্থীয়ে বাগৰুম্বা নৃত্য পৰিবেশন কৰে। ইয়াৰ পাছতেই বিদ্যালয়ৰ একাংশ শিক্ষার্থীয়ে ‘জ্যোতি সংগীতৰ আধাৰত সুৰ-সমলয়’ শীর্ষক এক কার্যসূচী ৰূপায়িত কৰে।
গণিত বিভাগৰ শিক্ষক হিৰণ্য কলিতাৰ পৰিচালনাত ‘জ্যোতিৰ জেউতি’ শীর্ষক মুকলি কুইজৰ এটা অনুষ্ঠানে শিক্ষার্থীসকলক যথেষ্ট উৎসাহিত কৰে। অনুষ্ঠানৰ শেষত প্রাক্-প্রাথমিক শাখাৰ শিক্ষয়িত্ৰী কর্মী কলিতাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানটো আঁত ধৰে নৱম শ্ৰেণীৰ শিক্ষার্থী হৃষীকেশ শর্মা আৰু অষ্টম শ্ৰেণীৰ শিক্ষার্থী গার্গী তালুকদাৰে।
কাজিৰঙা হাউছৰ হৈ এই শিল্পী দিৱস অনুষ্ঠানৰ আহ্বায়কৰ দায়িত্বত আছিল বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষয়িত্রী ছেহনাজ আখতাৰ আহমেদ, কম্পিউটাৰ বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী ৰূপজ্যোতি চেতিয়া আৰু প্রাক্-প্রাথমিক শাখাৰ শিক্ষয়িত্রী কর্মী কলিতা।