২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব

২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব

ৰূপালী জয়ন্তী বৰ্ষ

ৰূপালী জয়ন্তী বৰ্ষ

নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আঠঘৰীয়া শ্ৰীশ্ৰীবিষহৰি মন্দিৰত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ । এই পূজাত পহিলা দিনাৰ বিস্তৃত কাৰ্য্যসূচীৰ অন্তৰ পিচতে শনিবাৰে দ্বিতীয় দিনা পুৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে ৷

প্ৰতিগৰাকী ভক্তই হাতেহাতে ধুপ-ধূনা, নৈবদ্য আৰু বলিৰ সামগ্ৰী লৈ পুজাস্থলীত উপস্থিত হয় ৷ প্ৰবাদ অনুসৰি, কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ দিনতে এটা পুখুৰী খান্দোতে দুচটা শিল পাইছিল আৰু সেইদুচতা শিলকে আঠঘৰীয়াৰ গোপীচন্দ্ৰ ভট্টাচাৰ্যই প্ৰতিষ্ঠা কৰি পদ্মা আৰু নেতা হিচাপে পূজা কৰিছিল ৷ কালক্ৰমত এই স্থানতে ১৮৯২ৰ পৰা মন্দিৰ স্থাপন কৰি পূজা-অৰ্চনা কৰি অহা হৈছে । বিগত ২৪ বছৰৰ পৰ্বে ৰাইজৰ সহযোগত উক্ত মন্দিৰত সাৰ্বজনীন বিষহৰি পূজা আৰম্ভ কৰা হৈছিল ।

এইবৰ্ষত ২৫ বছৰত ভৰি দিলে এই পূজা পৰ্ব । অহাকালি অৰ্থাৎ ৰবিবাৰে সামৰণি পৰিব এই পূজা পৰ্ব ৷ ৰবিবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি পৰিব বুলি উদযাপন সমিতিৰ সভাপতি সম্পাদকে জানিবলৈ দিছে ৷

Exit mobile version