আমেৰিকাত অসমীয়াৰ ভোগালী বিহু । আমেৰিকাত থকা প্ৰবাসী ভাৰতীয় তথা অসমীয়া লোকসকলে যোৱা ১৮ জানুৱাৰীত ‘ভোগালী বিহু’ উদ্যাপন কৰে ৷ ৱাছিংটন ডি চি, মেৰিলেণ্ড আৰু ভাৰ্জিনিয়া (গ্ৰেটাৰ ৱাছিংটন ডি চি)কে ধৰি আমেৰিকাৰ ৩ খন ৰাজ্যৰ অসমীয়া লোকসকলে যৌথভাৱে মেৰিলেণ্ডৰ জাৰ্মানটাউনৰ কিংছভিউ স্কুলত এদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদ্যাপন কৰে ৷ অনুষ্ঠানত ৪০ টা পৰিয়ালৰ ১২৫ গৰাকী প্ৰবাসী অসমীয়াই অংশগ্ৰহণ কৰে ৷
এই তিনিখন ৰাজ্যৰ অসমীয়া সমাজে ২০০৭ চনৰ পৰা প্ৰতিবছৰে ভোগালী আৰু ৰঙালী বিহু উদ্যাপন কৰি আহিছে ৷ অনুষ্ঠানত প্ৰথমে সকলো অতিথিক আদৰণি জনোৱাৰ পিচতে চা-চিনাকি পৰ্ব অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে আমেৰিকাত থকা অসমীয়া সমাজৰ নতুন সদস্যসকলক উষ্ম আদৰণি জনোৱা হয় ৷
সকলোৱে মিলি অসমীয়া পৰম্পৰাগত খাদ্যসম্ভাৰ-লাড়ু, পিঠা, দৈ-চিৰা আদি পৰিবেশন কৰে ৷ বিহু নাচকে ধৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ দুপৰীয়া সকলোৱে একেলগে অসমীয়া আহাৰৰ সোৱাদ লয় ৷ অনুষ্ঠানৰ শেষত সকলোৱে একেলগে মুকলি বিহুত অংশগ্ৰহণ কৰে ৷