Advantage Assam2.0 Road Show In Seoul:ছিউলত এডভাণ্টেজ আছাম-২.০ৰ ৰোড শ্ব’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

koria main

Advantage Assam2.0 Road Show In Seoul:

এডভাণ্টেজ আছাম-২.০ৰ প্ৰচাৰাভিযানৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে ছিউলত আয়োজন কৰা এডভাণ্টেজ আছাম-২.০ৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ৷

বহুকেইগৰাকী কোৰিয়াৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰা ৰোড শ্ব’ত মুখ্যমন্ত্ৰীয়ে উদ্যোগপতি সকলক সন্মিলনৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায় আৰু অসমত উদ্যোগৰ বিকাশৰ দিশত এক চালিকা শক্তি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত ভাৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে।

আনহাতে কোৰিয়ান উদ্যোগ পতিসকলে অসম চৰকাৰৰ এই পদক্ষেপক লৈ উৎসাহিত আৰু তেওঁলোকে সন্মিলনত অংশ গ্ৰহণৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ছিউল ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সী (কোট্ৰা)ৰ অধ্যক্ষ কিউংছুং কাং তথা কোট্ৰা’ৰ অন্যান্য প্ৰতিনিধিসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাত কোৰিয়াৰ বিনিয়োগক অসমলৈ আকৰ্ষণ কৰা আৰু এডভাণ্টেজ আছাম-২ত তেখেতসকলৰ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।

Exit mobile version