Assam Aap:
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ওপৰত চলোৱা আক্ৰমণক গণতন্ত্ৰ হত্যাৰ অপচেষ্টা বুলি আখ্যা দিছে আপৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই। দেওবাৰে কেজৰিৱালৰ গাড়ীত দুৰ্বৃত্তই শিল-ইটাৰে আক্ৰমণ সংঘটিত কৰিছিল।
এই ঘটনাত কেজৰিৱালৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী পৰৱেশ বাৰ্মাৰ ঘনিষ্ঠ সমৰ্থক তথা বিজেপিৰ গুণ্ডা বাহিনী জড়িত থকাৰ অভিযোগ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে। আজি এই সন্দৰ্ভত ৰাজীৱ শইকীয়াই কয়, “কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দিল্লী আৰক্ষীয়ে কেজৰিৱালক হত্যাৰ চেষ্টা কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই। দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে এতিয়া ধনবল, বাহুবল প্ৰদৰ্শন কৰিব বিচাৰিছে।
আপৰ নেতাৰ ওপৰত শাৰীৰিক আক্ৰমণ সংঘটিত কৰিছে। বিজেপিয়ে কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। দেশৰ অন্যতম জনপ্ৰিয় নেতাগৰাকীৰ ওপৰত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত আক্ৰমণ চলাই তেওঁলোকে গণতন্ত্ৰ হত্যা কৰিব বিচাৰিছে। বিজেপিয়ে নিজৰ পৰাজয়ৰ উমান পাই এনেধৰণৰ অগণতান্ত্ৰিক আৰু হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছে। ” উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়েও স্পষ্ট ভাৱে প্ৰকাশ কৰিছে যে যি কেইজন লোকে অৰবিন্দ কেজৰিৱালক শিল ইটাৰে আক্ৰমণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।