Dhekiajuli:
অতি দৰিদ্ৰ পৰিয়ালৰ খুজি মাগি খোৱা এজন যুৱক ১২ দিন ধৰি নিখোজ হৈ আছে ৷ এটা দৰিদ্ৰ পৰিয়ালৰ ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ বছৰীয়া আয়ুব খান নামৰ মানসিক ভাবে দূৰ্বল যুৱকজন বিগত ১২ দিন ধৰি নিখোঁজ হৈ আছে। এই ঘটনা দৰিদ্ৰ পৰিয়ালটোৰ বৃদ্ধ পিতৃ-মাতৃৰ বাবে গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে।
নিখোঁজ যুৱকজনৰ সন্ধানৰ বাবে পৰিয়ালটোৱে স্থানীয় লোকসকলৰ সহায় লৈ বহু চেষ্টা কৰিছে, কিন্তু এতিয়ালৈকে কোনো সন্ধান লাভ হোৱা নাই।পৰিয়ালটোৰ মতে, আয়ুব খানৰ লগত শেষবাৰ ১২দিন পূৰ্বে অন্য দিনৰ দৰে ঘৰৰ পৰা ওলাই গৈছিল ৷
কিন্তু তাৰ পিছৰ পৰা কোনো সম্ভেদ নাই এই জন যুৱকৰ ৷ ঘটনাটোৰ সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে। পৰিয়ালটোৱে অনুৰোধ কৰিছে, যদি কোনো লোকে আয়ুব খানৰ বিষয়ে কোনো তথ্য পায়, তেতিয়া যাতে ততাতৈয়াকৈ আৰক্ষী বা পৰিয়ালটোক জনায়।