Journalist Attacked: বঙাইগাঁৱত সাংবাদিক নিগ্ৰহ
পথ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলক দুবৃৰ্ত্তৰ আক্ৰমণ
আজি বিয়লিৰ ভাগত নিউ বঙাইগাঁও বি জি কলনিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলক এটা দুবৃৰ্ত্তৰ দলে আক্ৰমণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰামতে আজি বিয়লিৰ ভাগত উক্ত স্থানত এখন অল্ট’, এখন স্কুটি আৰু এখন অটোৰ মাজত সংঘৰ্ষ লগাত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়৷
উক্ত ঘটনাৰ লাভ কৰাৰ পিচতে বঙাইগাঁৱৰ আফটাব আলী, উত্তম কুমাৰ বৰ্মন আৰু ঘনশ্যাম ৰায় নামৰ সাংবাদিককেইজনে বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হয়৷ কিন্তু সাংবাদিককেইজনে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে কেইবাটাও দুবৃৰ্ত্তই বাধা প্ৰদান কৰে৷
দলটোৱে জয় শ্ৰীৰাম ধবনি দি সাংবাদিককেইজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিবলৈ উদ্যত হয়৷ ইয়াৰ মাজতে আফটাব আলীক দুবৃৰ্ত্তৰ দলটোৱে শাৰিৰীকভাৱে অপদস্থ কৰে৷ দুবৃৰ্ত্তৰ দলটোৱে আইন হাতত তুলি লৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকক আক্ৰমণ কৰাৰ লগতে অল্ট’ বাহনখনো খাৱৈত পেলাই দিয়ে৷
সাংবাদিক আক্ৰমণৰ ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবেও তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ে উক্ত ঘটনা অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি জিলাখনত বাৰম্বাৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ থকা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ জিলাখনৰ আৰক্ষী প্ৰশাসনক তদন্ত সাপেক্ষে আক্ৰমণকাৰীসকলক চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷