Ripun Bora Press meet: ২০২৪-২৫ ৰ অসমৰ বাজেট এক আভুৱা ভৰা বাজেট

২০২৪-২৫ বিত্তীয় বৰ্ষ শেষ হবলৈ মাথোঁ মাজত দুটা মাহ বাকী আছে

WhatsApp Image 2025 01 22 at 2.03.58 PM
Ripun Bora Press meet : ২০২৪-২৫ ৰ অসমৰ বাজেট এক আভুৱা ভৰা বাজেট আখ্যা ৰিপুণ বৰা

২০২৪-২৫ ৰ অসমৰ বাজেট এক আভুৱা ভৰা বাজেট বুলি আখ্যা দিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই ৷
বুধবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত বৰাই কয়, ২০২৪-২৫ বিত্তীয় বৰ্ষ শেষ হবলৈ মাথোঁ মাজত দুটা মাহ বাকী আছে।

অহা বিধান সভাত পুনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে আকৌ এখন বাজেট চৰকাৰে দাখিল কৰিব। ২৬ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি স্বাভাৱিকতে এই বাজেটত ভোটাৰৰ মন জয় কৰিবলৈ নানান মনোমোহা প্রতিশ্ৰুতিৰে ভৰপুৰ হ’ব বুলি উল্লেখ কৰে ।

কেৱল মিছা প্রলোভনৰে জনতাৰ মন জয় কৰি শাসন ক্ষমতা দখল কৰাটোৱেই যিহেতু বিজেপিৰ একমাত্র লক্ষ্য সেয়েহে ২০২৪-২৫ ৰ বিত্তীয় বাজেটো ইয়াৰ ব্যতিক্রম নহয়।

২০২৪-২৫ ৰ বাজেট শেষ হবলৈ মাত্ৰ ২ মাহ বাকী আছে এই দহমাহত বাজেটত ধাৰ্য্য ধনৰাশি কিমান খৰছ হ’ল পৰ্যালোচনা কৰিলে দেখা যায় যে এইখন এখন ভুৱা বাজেট, এতিয়াও বাজেটত ধাৰ্য্য কৰা বহু আঁচনিত চৰকাৰে হাত নিদিলে, এতিয়াও বাজেটত ধাৰ্য্য টকাৰ ৫১% খৰছ কৰিবলৈ বাকী আছে।

এই বাজেট খন যে এক আভুৱা ভৰা বাজেট আছিল তলৰ তথ্য সমূহে ইয়াক প্ৰতিপন্ন কৰিব বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে ৷

বৰাই আৰু কয় যে, ২০২৪-২৫ ৰ বাজেটত ধাৰ্য্য কৰা ১,৪৩,৬০৬ কোটি টকাৰ উৎস সমূহ আছিল
এনেধৰণৰ ষ্টেট টেক্স ৰেভিনিউ,নন টেক্স ৰেভিনিউ,চেয়াৰ অৱ চেন্টেল টেক্স৷

একেদৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ অধীনস্থ বিত্ত আয়োগৰ অনুদান সমূহ আছিল ৩৪,১৪৯ কোটি,৮,৮৭১ কোটি টকা,৪০ হাজাৰ কোটি টকা,২৩ টকা, ১৯৭ কোটি,৪,৮০৬ কোটি টকা ৷

আনহাতে,বিধানসভা থকা ৰাজ্যসমূহলৈ অন্যান্য স্থানান্তৰ অনুদান আছিল ৯২১ কোটি টকা,
ৰাজহুৱা ঋণ আছিল ২৯,৪৪১ কোটি টকা৷

ঋণ আৰু অগ্ৰিম ধন আদায় দিয়া হৈছিল ২,২২১ কোটি টকা ৷

 

Exit mobile version