Jammu and Kashmir:ৰহস্যজনক ৰোগত আতংক জম্মু-কাশ্মীৰ ?
১৭ জনৰ মৃত্যুৰ পাছতে কোয়াৰেন্টাইনত ৰখা হৈছে ২৩০ জন
এক ৰহস্যজনক ৰোগৰ প্ৰাদুৰ্ভাৱত আক্ৰান্ত জম্মু-কাশ্মীৰ। ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজৌৰীত মৃত্যু হৈছে ১৭ জন লোকৰ ।কোৱাৰেণ্টাইনত ৰখা হৈছে ২৩০ জন লোক ।
এই ৰোগৰ যিকোনো প্ৰকাৰে দৌৰাত্ম ৰোধ কৰিবলৈ হতাশ হৈ পৰিছে প্ৰশাসন। তথ্য অনুসৰি যে এই ৰোগৰ আঁৰত আছে কেডমিয়াম!
মৃত্যুৰ আঁৰত কেডমিয়াম প্ৰাথমিক অৱস্থাত কোনো বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ সন্ধান পোৱা নাই । নিয়মীয়াকৈ পৰীক্ষা চলি আছে । শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ জনাইছে যে মৃতদেহত পোৱা গৈছে কেডমিয়াম ।কিন্তু ই কেনেকৈ তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰিলে সেয়া এতিয়াও জনা হোৱা নাই।
কি এই কেডমিয়াম ?
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কেডমিয়ামক “জনসাধাৰণৰ উদ্বেগৰ ৰাসায়নিক পদাৰ্থ” হিচাপে শ্ৰেণীবদ্ধ কৰিছে। কাৰণ এই ৰাসায়নিক পদাৰ্থই বৃক্কৰ পৰা শ্বাসতন্ত্ৰৰ বৃহৎ ক্ষতি কৰিব পাৰে। কম পৰিমাণৰ কেডমিয়াম বতাহত থাকে। এই ক্ষেত্ৰত এইটোৱেই এতিয়া বিপদ আৰু আশঙ্কা !
বৃদ্ধি পাইছে আতংক
তথ্য অনুসৰি উপত্যকাৰ দুৰ্গম অঞ্চলত ৰাজৌৰী জিলাৰ বধৈ গাঁও। ডিচেম্বৰৰ সাত তাৰিখে, পাঁচজন লোক একেলগে মৃত্যুবৰণ কৰে। পাছত, একেটা পৰিয়ালৰ আঠজন সদস্যৰ মৃত্যু হয়। তেওঁলোকৰ পিতৃ-মাতৃকে ধৰি ছয়টা শিশুৰ অজ্ঞাত মৃত্যু হয় । যোৱা ১৯ জানুৱাৰী দেওবাৰে এগৰাকী কিশোৰীৰ মৃত্যু হয় আৰু মুঠ মৃত্যুৰ সংখ্যা ১৭ লৈ বৃদ্ধি পাই।