Bhagpat Platform Collapse:
উত্তৰ প্ৰদেশৰ বাঘপাটত জৈন সম্প্ৰদায়ৰ এক অনুষ্ঠানত লাডু বিতৰণ কৰি থকা অৱস্থাত ভক্তৰ ওপৰত ভাঙি পৰে ৬৫ ফুট উচ্চতাৰ কাঠৰ মঞ্চ। ঘটনাস্থলীত সৃষ্টি হয় আতংকময় পৰিৱেশ।
বাগপত জিলা দণ্ডাধীশে জনাইছে যে প্ৰাথমিক তথ্য অনুসৰি, পাঁচজন ভক্তৰ মৃত্যু হৈছে। অৱশ্যে, মঞ্চৰ তলত বহুলোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে | অৱশ্যে অব্যাহত আছে উদ্ধাৰ অভিযান | স্থানীয় সূত্ৰই দাবী কৰিছে যে মৃত্যুৰ সংখ্যা বহুত বেছি। ৫০ জনতকৈও অধিক অনুৰাগী মঞ্চৰ তলত আৱদ্ধ হৈ আছে । আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
মঙলবাৰে বাঘপতৰ বাৰাউত ‘ভগৱান আদিনাথ নিৰ্বাণ লাড্ডু’ নামৰ এটা কাৰ্যসূচীৰ আয়োজন কৰা হয় । অনুষ্ঠানটোৰ বাবে এটা ৬৫ ফুট ওখ কাঠৰ মঞ্চ নিৰ্মাণ কৰা হৈছিল আৰু সেই বিশাল মঞ্চখন অনুৰাগীসকলৰ ওপৰত খহি পৰে ।
মঙলবাৰে পুৱা সাত বজাৰ পৰা আঠ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। নিৰ্মাণ কৰা মঞ্চখনত চাৰি – পাঁচ ফুট উচ্চতাৰ মূৰ্তি এটা ৰখা হৈছিল। কাঠ-বাঁহেৰে নিৰ্মিত মঞ্চলৈ চিৰি বগাই গৈ আছিল ভক্তসকল। প্ৰথম অৱস্থাত এই প্লেটফৰ্মে অতিৰিক্ত বোজা সহ্য কৰিব নোৱাৰি ভাঙি যায় বুলি বিশ্বাস কৰা হয়।।
এছপিয়ে জনাই যে জৈন ৰীতি-নীতি ইয়াত প্ৰতি বছৰে পালন কৰা হয়। জৈন সম্প্ৰদায়ৰ লোকসকলে ‘আদিনাথ নিৰ্বাণ লাড্ডু’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মঙলবাৰৰ পৰা অনুৰাগীৰ বিশাল ভিৰ আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।