Four Storey Building Collapses In Delhi :দিল্লীত চাৰিমহলীয়া অট্টালিকা ভাঙি মৃত্যু দুজনৰ, ধ্বংসস্তূপৰ মাজত আবদ্ধ ২২জন !

delhi 1

Four Storey Building Collapses In Delhi I:

দিল্লীৰ বুৰাৰীত ভয়ংকৰ দুৰ্ঘটনা। এটা চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হয় দুজন লোকৰ  । দুৰ্ঘটনাটোৰ পিছত ধ্বংসস্তূপৰ মাজত আবদ্ধ ২২জন হৈ আছে । তাৰ ভিতৰত তিনিটা শিশুসহ মুঠ ১২ জন লোকক উদ্ধাৰ কৰা হয় । তেওঁলোকৰ ভিতৰত কেবা’জনো লোকৰ অৱস্থা সংকটজনক।

মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে সন্ধিয়া বুৰাৰীৰ কৌশিক হাউচিংত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত বুৰাৰীত  হঠাতে খহি পৰে  চাৰিমহলীয়া অট্টালিকাটো  ।

প্ৰথমতে স্থানীয় লোকে উদ্ধাৰ অভিযানত সহায় কৰে। সন্ধিয়া প্ৰায় সাত বজাত আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষী, জিলা দুৰ্যোগ প্ৰশমন বাহিনী (ডিডিআৰএফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়।

দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে ১৪ জন লোকক উদ্ধাৰ কৰা হয়। ধ্বংসস্তূপৰ তলত কমেও ২২ জন লোক আৱদ্ধ হৈ থকাৰ দাবী স্থানীয়লোকৰ।

দুৰ্ঘটনাৰ খবৰ পাই সকলো ধৰণৰ সম্ভৱ সাহায্যৰ আশ্বাস দিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে । এক্স হেণ্ডেলত তেওঁ লিখিছে”বুৰাৰীত ঘৰ খহি পৰাৰ ঘটনা অত্যন্ত দুখজনক। মই স্থানীয় প্ৰশাসনক তৎক্ষণাৎ উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছো। আৰু ভুক্তভোগীসকলক যিমান সম্ভৱ সহায় কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।”

ইফালে, দিল্লীৰ বিজেপি নেতা তথা সাংসদ মনোজ তিৱাৰীয়ে সোমবাৰে নিশা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ কয়,”শেহতীয়াকৈ বিল্ডিঙটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিছত আবাসী সকলে নিজ নিজ ফ্লেটত প্ৰৱেশ কৰিছিল ৷ তাৰ পাছতেই ই খহি পৰিল। নিশ্চিতভাবে এই দুৰ্ঘটনা গাফিলতিৰ বাবেই হৈছে । ঘটনাটোৰ তদন্ত কৰি অপৰাধীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে তেওঁ।

Exit mobile version