Healthy Kidney: শীতকালত কিডনী ভালে ৰাখিবলৈ কি কি খাব ?

KidneyDiet

Healthy Kidney: শীতকালত কিডনী ভালে ৰাখিবলৈ কি কি খাব ?

বৃক্ক সুস্থ কৰি ৰাখিবলৈ অধিক পানী খোৱাটো প্ৰয়োজনীয়। কিন্তু শীতকালত সাধাৰণতে সকলোৱে কম পানী খায়। বিশেষজ্ঞসকলৰ মতে, সেয়েহে কিডনিয়ে অতিৰিক্ত কাম কৰিবলগীয়া হয়। ফলত বৃক্কৰ সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পুষ্টিবিদসকলৰ মতে এই সময়ত এনে কিছুমান খাদ্য খাদ্যৰ তালিকা ৰখাটো প্ৰয়োজনীয়।

বীট: পুষ্টিবিদসকলৰ মতে, শীতকালীন আহাৰত বীট থকাটো অত্যন্ত প্ৰয়োজনীয়। কিয়নো, বিটৰ বহুতো গুণ আছে । বীটে অতি সোনকালে খাদ্য হজম কৰে । একেদৰে, ই তেজ বিশুদ্ধ কৰাটো সহায় কৰে । হাই ফাইবাৰ যুক্ত বিটক চালাড, বা চুপ হিচাপে খাবলৈ কয় বিশেষজ্ঞসকলে ।

ক্ৰেনবেৰী: ক্ৰেনবেৰী: প্ৰস্ৰাৱ সংক্ৰমণ মূলত কিডনিৰ সমস্যাৰ প্ৰাথমিক লক্ষণ। সেই সমস্যা ৰোধ কৰিবলৈ আজিৰ দিনত ক্ৰেনবেৰী খাদ্য তালিকাত ৰখাটো প্ৰয়োজনীয়। পুষ্টিবিদসকলৰ মতে, প্ৰতিদিনে এগিলাচ ক্ৰেনবেৰী ৰস খাব পাৰে। অথবা ক্ৰেনবেৰী ফল হিচাপে চোবাব পাৰে। ই বৃক্কৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব।

মিঠা আলুঃ মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, ফাইবাৰ আৰু পটাছিয়াম থাকে। পুষ্টিবিদসকলৰ মতে ই অত্যন্ত পুষ্টিকৰ। ৰক্তচাপ নিয়ন্ত্ৰণ, বৃক্কৰ স্বাস্থ্যৰ বাবে মিঠা আলুৰ কোনো বিকল্প নাই। শীতকালীন খাদ্যত মিঠা আলু খাব লগে ।

নহৰু: যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত নহৰুৰ ভূমিকা যথেষ্ট। পুষ্টিবিদসকলৰ মতে, ৰক্তচাপ আৰু তেজৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত নহৰু অতি গুৰুত্বপূৰ্ণ। সেয়ে শীতকালীন খাদ্যত নহৰু থকাটো অতি গুৰুত্বপূৰ্ণ।

পালেং : পালেং শাকত প্ৰচুৰ পৰিমাণে আইৰণ, মেগনেছিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ থাকে। গতিকে যিসকলৰ কিডনী ষ্টোনৰ সমস্যা আছে তেওঁলোকৰ খাদ্যত পালেং থাকিটো প্রয়োজনীয়।

Exit mobile version