Rabindranath Tagore University Convocation Ceremony:
ছাত্ৰ -ছাত্ৰী সকলে আজিৰ তেওঁলোকৰ সফলতাৰ নি নিজৰ ককা, আইতা, পিতৃ মাতৃক অৰ্পন কৰিবা । কাৰণ তেওঁলোকে তোমালোক প্ৰথম শিক্ষাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল । আজি মোৰ ভাল লাগিছে যে, আজি মই প্ৰদান কৰা প্ৰমাণ পত্ৰ সমূহ অধিকাংশ ছাত্ৰীয়ে লাভ কৰিছে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰতৰ বেটি সকলে পূৰণ কৰিব লাগিব । এই মন্তব্য অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ।
আজি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৱৰ্তনত অংশগ্ৰহন কৰি নিজ ভাষণ প্ৰসংগত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যজনে এই মন্তব্য কৰে । বিশ্ববিদ্যালয় খনৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ চৌহদত এই সমাৱৰ্তন খন অনুষ্ঠিত হয । দুদিনীয়া কাৰ্যসূচীলৈ কালি হোজাই জিলাত উপস্থিত হোৱা বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় দিনা হোজাইত উপস্থিত হৈ বিশ্ববিদ্যালয় খনৰ দীক্ষান্ত সমাৰোহত সভাপতিত্বত কৰে ।
এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ননীগোপাল মহন্ত। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে আত ধৰা অনুষ্ঠানত পোন প্ৰথমবাৰলৈ প্ৰবৰ্তন কৰা জীৱন জোৰা সাধনা বঁটা অসমীয়া ভাষা-সংস্কৃতিলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক তথা ভাষা-সংস্কৃতিৰ বিশিষ্ট গৱেষক, সু-সাহিত্যিক প্ৰফেছৰ উপেন ৰাভা হাকাচামলৈ আগবঢ়োৱা হয। এই বঁটাত এটা স্মাৰক, এখন মানপত্ৰ আৰু এক লাখ টকাৰ চেক প্ৰদান কৰা হয়।
দীক্ষান্ত সমাৱৰ্তনত অংশ গ্ৰহণ কৰাৰ আগতে ৰাজ্যপালজনে বিশ্ববিদ্যালয় চৌহদত এটি বকুল পুলি ৰোপন কৰে। আজি ৰাজ্যপালজনে নিজ হাতেৰে তিনিটা সোণৰ পদকসহ স্নাতকোত্তৰ শ্ৰেণীৰ ৮১জন আৰু স্নাতক শ্ৰেণীৰ ৪৫৯ জন ছাত্ৰ-ছাত্ৰীক দীক্ষান্ত প্ৰমাণপত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে, প্ৰথম দীক্ষান্ত সমাৰোহত দুটা সোণৰ পদকসহ স্নাতকোত্তৰ শ্ৰেণীৰ ১৭৪ জন আৰু স্নাতক শ্ৰেণীৰ ৯৫০ জন ছাত্ৰ-ছাত্ৰীক দীক্ষান্ত প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ সহ জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি, বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজ আৰু শিক্ষাৰ্থী সকলৰ লগতে বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত থাকে ।