Kailash Mansarovar Yatra:ভাৰত-চীনৰ বুজাবুজি, চাৰি বছৰৰ পাছত আৰম্ভ হ’ব কৈলাশ-মানস সৰোবৰ যাত্ৰা

manash

Kailash Mansarovar Yatra:

ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ সচিব বিক্ৰম মিছৰীৰ চীন ভ্ৰমণৰ পাছত বিগত কে’বা বছৰ ধৰি বন্ধ হৈ থকা কৈলাশ -মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে ভাৰত আৰু চীনে

পূণ্যার্থীৰ বাবে প্ৰত্যক্ষভাৱে বিমান যাত্ৰাৰ সন্দৰ্ভতো উভয় পক্ষই আলোচনা কৰিলে। উল্লেখ্য যে ২০২০ বৰ্ষৰ পৰা কৈলাশ-মানস সৰোবৰ যাত্ৰা বন্ধ হৈ আছে । সম্প্রতি দুদিনীয়া চীন ভ্ৰমণৰ পাছতে বৈদেশিক সচিব মিছৰীয়ে এক বিবৃতিত এইদৰে ক’লে, ‘২০২৫ বৰ্ষৰ গ্ৰীষ্মত কৈলাশ-মানস সৰোবৰ যাত্ৰা আৰম্ভ কৰিবলৈ সন্মত হ’ল ভাৰত-চীন।

এই বিষয়ত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সহমত প্ৰকাশ কৰিলে উভয় দেশে।’ ২০২০ত ক’ভিড সংক্ৰমণৰ কাৰণত আৰু পৰৱৰ্তী সময়ত গালৱান সংঘাতৰ ফলত কৈলাশ-মানস সৰোবৰ তীৰ্থ যাত্ৰা বন্ধ হৈ আছিল।

Exit mobile version