Stampede In Maha Kumbh 2025:
মহাকুম্ভ মেলাত ভয়ংকৰ ঘটনা। অমৃত স্নান কৰিবলৈ সমৱেত হওঁতেই পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে প্ৰায় ১০জন লোকে , আহত ৩০
প্ৰশাসনে আৰএএফ মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে । মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত কোটি কোটি লোকে আহি ভিৰ কৰিছে ।
বুধবাৰে পুৱা ‘অমৃত স্নান’ কৰিবলৈ ত্ৰিবেণী সংগমত সমবেত হয় ভক্তসকল। তথ্য অনুসৰি, অতিমাত্ৰা ভিৰৰ বাবে তীৰ্থযাত্ৰীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়।
হঠাৎ হোৱা হুলস্থুল আৰু অত্যাধিক লোক ভিৰৰ মাজত আবদ্ধ হৈ পৰে বহুতো ভক্ত । দুৰ্ঘটনাৰ পাছতে উদ্ধাৰৰ কাম আৰম্ভ হয়। আহতসকলক উদ্ধাৰ কৰি মেলাৰ প্ৰাংগনৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। মেলা প্ৰাংগনৰ প্ৰশাসনিক বিষয়াসকলে জনাইছে ,বহু লোকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে ।
ত্ৰিবেণী সংগমত অমৃত স্নান কৰিবলৈ দূৰ-দূৰণিৰ পৰা ভক্তসকলে মহাকুম্ভত ভিৰ কৰিছে। প্ৰশাসনে বাৰে বাৰে ঘোষণা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে।
তথ্য অনুসৰি, মঙলবাৰে বিয়লি অত্যধিক জনসমাগমৰ হেঁচাত মেলা চৌহদৰ বহু বেৰিকেড ভাঙি যায়। মঙলবাৰৰ মাজনিশাৰ পৰাই বহু তীৰ্থযাত্ৰীৰ ভিৰ আৰম্ভ হয় ত্ৰিবেণী সংগমত।
মহাকুম্ভ উপলক্ষে লাখ লাখ ভক্তই প্ৰয়াগৰাজত ভিৰ কৰিছে । প্ৰশাসনে বিশাল মেলাক্ষেত্ৰখনক কে’বাটাও অঞ্চলত বিভক্ত কৰি নিৰীক্ষণ কৰি আছে।
জৰুৰীকালীন পৰিস্থিতিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে। আৰক্ষীৰ লগতে সকলো সময়তে নিয়োজিত আছে অগ্নিনিৰ্বাপক বাহিনীসকলো । ইয়াৰ পাছতে এতিয়া সংঘটিত পদপিষ্ট হোৱা ঘটনাই কুম্ভ মেলাৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।