Bilasipara Festival Incident:অথঃবিলাসীপাৰাৰ মিউজিক ফেষ্টিৱেল কাণ্ড

আয়োজক গোষ্ঠীৰ বিৰুদ্ধে সচেতন নাগৰিক-সংগঠণৰ গোচৰ

bilasipara

Bilasipara Festival Incident:

বিলাসীপাৰাত আৰম্বৰপূৰ্ণ এক সংগীতানুষ্ঠানৰ লঙ্কাকাণ্ডই সমগ্ৰ ৰাজ্যতে জোকাৰনীৰ সৃষ্টি কৰিছে। সৃষ্টি হৈছিল বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে অঞ্চলটোৰ সচেতন নাগৰিক আৰু সংগঠনে আয়োজক গোষ্টীৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ দিয়া পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, এফ, এইচ, প্ৰডাকচন’ৰ উদ্যোগত বিলাসীপাৰা চহৰত যোৱা ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া এক আৰম্বৰপূৰ্ণ সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল। উদ্যোক্তাগোষ্ঠীয়ে চহৰখনৰ আই, এন, এ, খেলপথাৰত আয়োজন কৰিছিল এই সংগীতানুষ্ঠানৰ। য’ত বলিউডৰ স্বনামধন্য তথা জনপ্রিয় শিল্পী মহম্মদ ফাইজ, অসমৰ ৰিতু পাঠকৰ লগতে কেইবাজনো শিল্পীক আমন্ত্ৰণ কৰা হৈছিল।

বিলাসীপাৰাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা নিজৰ পছন্দৰ তথা জনপ্রিয় শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ সংগীতপ্রেমী সকল হিল-দল ভাঙি আহিছিল। উৎসুক দর্শকে ২০০০, ১০০০ আৰু ৫০০ টকীয়া প্ৰবেশ পত্ৰ ক্ৰয় কৰি সংগীতানুষ্ঠানত প্রবেশ কৰে।

প্রথমাৱস্থাত আমন্ত্রিত শিল্পী সকলে নৃত্য, গীত পৰিবেশন কৰিবলৈ লয়। ইমানলৈ ঠিকেই আছিল যদিও নিশা ১’৩০ মান বজাৰ পিছতো নিমন্ত্ৰিত শিল্পী মহম্মদ ফাইজ মঞ্চত নুঠাত এক অপ্রীতিকৰ পৰিস্থিতিৰ সূচনা হয়। জনপ্রিয় শিল্পী ফাইজৰ গীত উপভোগ কৰিবলৈ অহা দর্শক সকল আয়োজক গোষ্টীক জবাবদিহি কৰিবলৈ লয়। আয়োজক গোষ্ঠীৰ পৰা কোনো সুদোত্তৰ নোপোৱাত পৰিস্থিতি ক্ৰমাত ভয়াবহ হবলৈ ধৰে।

বিক্ষুব্ধ দর্শকে এফালৰ পৰা চকীসমূহ ভাঙি চুৰমাৰ কৰাতে ক্ষান্ত নাথাকি যিয়ে যেনি পাৰে আমন্ত্রিত অতিথিৰ বাবে ৰখা আটক ধুনীয়া চকী, ছোফা আদিলৈ ঘৰমুৱা হবলৈ ধৰে। ইফালে মুম্বাইৰ জনপ্রিয় শিল্পী ফাইজে নিজৰ ইনষ্টাগ্রাম পেইজত এক পোষ্ট যোগে প্ৰডাকচনটোৰ বিৰুদ্ধে দিলে বিস্ফোৰক অভিযোগ। শিল্পী জনে কি পৰিস্থিতিত সংগীত পৰিবেশন কৰাৰ পৰা বিৰত থাকিব লগীয়া হৈছে তাক বিবৰি দিয়া ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ঐতিহ্যমণ্ডিত বিলাসীপাৰা চহৰৰ গৰিমা প্ৰাক্তন মন্ত্ৰী মহিবুল হ’কৰ নেতৃত্বত গঠিত প্ৰডাকচনে স্নান কৰা কাণ্ডক বিভিন্ন দ’ল সংগঠনে সহজভাবে লব পৰা নাই। দ’ল সংগঠনৰ নেতৃত্বই শিল্পী ফাইজৰ লগত চুক্তিবদ্ধ হোৱা ধন নিদিয়াৰ বাবে সংগীত পৰিবেশনৰ পৰা বিৰত থকা ঘটনাই চহৰখনত আন এক বিতৰ্কৰ সৃষ্টি হৈছে।

উচ্চ হাৰত প্ৰবেশ পত্র বিক্রী হোৱাৰ পিছতো জনপ্রিয় শিল্পী জনক চুক্তি হোৱা ধন আদায় নিদিয়াকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনফালে আয়োজক গোষ্টীয়ে চহৰখনৰ মাজ মজিয়াত থকা হাংগ্রীলেণ্ড ৰেষ্টুৰেণ্টক স্পঞ্চৰ হিচাপে লৈ কেইবালাখ টকা প্ৰৱঞ্চনাৰে ধন সৰকাই লয়। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰে জনোৱা মতে সংগীতানুষ্ঠানৰ স্পঞ্চৰ হিচাপে প্রথমে নগদ এক লাখ টকা আদায় কৰে। পিছত গোষ্ঠীটোৱে নিতৌ ৰেষ্টুৰেণ্টখনত উদৰ পূৰাই খোৱাৰ পিছতো কোনো বিল দিয়া নাছিল। তাৰোপৰি অনুষ্ঠানটোত দর্শক সকলৰ বাবে নিশাৰ আহাৰ যোগান ধৰাৰ বাবে ৰেষ্টুৰেণ্টখনকে দায়িত্ব দিয়ে। পিছে অনুষ্ঠানটোত সংঘটিত হোৱা লঙ্কা-কাণ্ডত সকলো সামগ্রী বিনষ্ট হোৱাত কেইবা লাখ টকা লোকচান হয়।

ৰেষ্টুৰেণ্টখনৰ লগত কৰা প্ৰৱঞ্চনা কৰাত ইতিমধ্য এফ, এইচ, প্ৰডাকচন’ৰ কৰ্ম-কর্তা তথা প্রাক্তন মন্ত্রী মহিবুল হক, পুত্ৰ ৰেহাল খান, ৰফিকুল ইছলামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে। অকল এয়াই নহয় প্ৰডাকচনটোৰ বিৰুদ্ধে এজন সচেতন নাগৰিক হিচাপে মনোৱাৰ হুছেইন আৰু আমছু’ৰ বিলাসীপাৰা জিলা সমিতিয়ে স্থানীয় থানাত পৃথকে পৃথকে গোচৰ তৰে। আজি আকৌ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতি আৰু অঞ্চলটোৰ অধিবক্তা জহিবুল ইছলামেও পৃথকে পৃথকে আয়োজক তিনি জনৰ বিৰুদ্ধে থানাত গোচৰ তৰে।

তেনেদৰে সদৌ অসম ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিও আয়োজক গোষ্ঠীৰ বিৰুদ্ধে হিলাসীপাৰা মহকুমা আদালতত গোচৰ তৰে। প্ৰডাকচন’ৰ এনে কর্ম-কাণ্ডত জাঙুৰ খাই উঠা সদৌ অসম সংখ্যালঘু সংগ্রাম পৰিষদ, আমছু, নাথ-যোগী ছাত্র সন্থা, ছাত্র মুক্তি সংগ্ৰাম পৰিষদ কে ধৰি বিভিন্ন দ’ল সংগঠনৰ নেতৃত্বই দর্শক ৰাইজৰ ক্ৰয় কৰা প্ৰৱেশ পত্ৰৰ মূল্য শীঘ্ৰে ওভোতাই দিয়াৰ দাবী উত্থাপন কৰে। তাৰোপৰি চহৰখনৰ গৰিমা ম্লান কৰা বিষয়টোৰ ওপৰত তদন্তক্রমে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বিভিন্ন সংগঠনৰ লগতে সচেতন মহলে দাবী উত্থাপন কৰিছে।

Exit mobile version