AIUDF Protest:মহানগৰীৰ হাতীগাঁৱত এআইইউডিএফৰ যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ
কে’বাটাও দাবীত এই প্ৰতিবাদ
মহানগৰীৰ হাতীগাঁৱত এআইইউডিএফৰ যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ ৷
মঙলবাৰে এআইইউডিএফৰ যুৱ মৰ্চাই মাদ্ৰাছাত আৰৱীক শিক্ষক নিযুক্তি আৰু চৰঅঞ্চলত ভূমিপট্টাৰ প্রদান দাবীৰে জনতা ভৱন ঘেৰাও উদ্দেশ্যৰে যুৱ মৰ্চাৰ কে’বা শতাধিক প্ৰতিবাদকাৰীয়ে দিছপুৰ অভিমুখে গৈ আছিল যদিও হাতীগাঁৱতে আৰক্ষীয়ে বাধাপ্ৰদান কৰে।
বিক্ষোভকাৰী সকলে ৰাজপথতে অৱস্থান কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদকাৰীৰ নেতৃত্ব দিয়ে এআইইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি বিধায়ক আশ্ৰাফুল হুচেইনে ৷
প্ৰতিবাদস্থলীত বিধায়ক হুছেইনে কয় যে,আমাৰ দাবী মানি নোলোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব৷ সেয়েহে চৰকাৰে অচিৰেই দাবী সমূহ কাৰ্যকৰী কৰক।
আনহাতে প্ৰতিবাদকাৰী সকলক হাতীগাঁও আৰক্ষীয়ে আটক কৰি নিয়ে যদিও বিয়লি মুকলি কৰি দিয়ে ৷